চাইবাৰ অপৰাধীৰ Target হ'ল জনপ্ৰিয় কন্ঠ শিল্পী কুসুম কৈলাস আৰু নীল আকাশ৷ চাইবাৰ অপৰাধীয়ে হেক কৰিলে কন্ঠশিল্পী দুজনৰ Youtube চেনেল৷

হেপাঁহৰ ৰঙালী বিহু সমাগত ,উখল মাখল ৰাজ্যৰ চৌদিশ৷ বিহুৰ বাবে সাজু হৈছে প্ৰতিজন অসমীয়া৷ আগন্তুক ৰঙালী বিহুত অনুষ্ঠান পৰিবেশনৰ বাবে সাজু হৈছে বিহু হুচৰি দলৰ লগতে জনপ্ৰিয় গায়ক গায়িকাসকল৷ সকলোৰে মাজত এতিয়া পাৰ ভঙা উছাহ৷ কিন্তু এই আনন্দৰ মাজতে অসমীয়া সংগীত প্ৰেমীৰ বাবে এটা বেয়া খবৰ৷ চাইবাৰ অপৰাধীৰ কবলত পৰিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ, কুসুম কৈলাস, ৰিদীপ ৰংকিত, ৰমেন ডানহৰ অফিচিয়েল ইউটিউব চেনেল ৷ চাইবাৰ অপৰাধী কবলত পৰা ইউটিউব চেনেল কেইটা হৈছে :-
#Dhwanimusic #Kussum kailash World #Partha Mech #Neel Akash Das #Ramen Danoh Musical #Ridip Rankit Universal
বৰ্তমান এই চেনেল কেইটাৰ টেকনিকেল টিমে চেনেল কেইটা চাইবাৰ অপৰাধীৰ পৰা মুক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। দুই এদিনতে হেক হোৱা চেনেল কেইটা পুনৰ আগৰ অৱস্থালৈ উভতাই আনিব পাৰিব বুলি জানিবলৈ দিছে ইউটিউব চেনেল কেইটাৰ টেকনিকেল টিমে৷ এই চেনেল কেইটাৰ জৰিয়তে দৰ্শক সকলে ভিডিও সমূহ পুনৰ উপভোগ কৰিব পাৰিব ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|