দীপলিনা ডেকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যতম এগৰাকী। দীপলিনাৰ কণ্ঠত বহু গীত ইতিমধ্যেই জনপ্ৰিয় হৈছে। নিজৰ সুন্দৰ কণ্ঠৰে শ্ৰোতা–দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিব পৰা শক্তি আছে দীপলিনাৰ। সেয়ে দীপলিনাৰ গান মানেই শ্ৰোতাৰ মনত উৎসুকতা বাঢ়ে।
ছচিয়েল মিডিয়াতো দীপলিনাৰ আছে ভাল ফেন ফলোয়িং। অনুৰাগীৰ সংখ্যা বহুত দীপলিনাৰ। সেয়ে দীপলিনাৰ যিকোনো পোষ্টেই ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে দিছে আন এটা ভাল খবৰ।
আজি সন্ধিয়ালৈ মুক্তি পাব দীপলিনাৰ নতুন গীত ‘Ziddi Kaancha’। এই কথা ছচিয়েল মিডিয়াত এক পোষ্টৰ জৰিয়তে জনাইছে গায়িকাগৰাকীয়ে। গীতটোত কণ্ঠ নিগৰাইছে দীপলিনাই। গীতটো ৰচনা কৰিছে পাপলু চেতিয়াই। মিউজিক কৰিছে পল্লৱ তালুকদাৰে। অভিনয়ত আছে দীপলিনা আৰু চাংকু নিৰঞ্জন নাথ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|