মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Deeplina Deka: কাৰ আছিল সেই হাতখন? উৎকণ্ঠাৰ অৱসান ঘটালে দীপলিনাই

Deeplina Deka: কাৰ আছিল সেই হাতখন? উৎকণ্ঠাৰ অৱসান ঘটালে দীপলিনাই

অৱশেষত, সকলো উৎকণ্ঠাৰ অৱসান ঘটাই কিছুসময় পূৰ্বে কন্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰিলে সেই হাতখনৰ নেপথ্যত থকা ব্যক্তিজনৰ পৰিচয়।

  • Share this:

অসমৰ জনপ্ৰিয় গায়িকা দীপলিনা ডেকা (Deeplina Deka)। সাংস্কৃতিক ক্ষেত্ৰখনত যিমান সক্ৰিয়, ছচিয়েল মিডিয়াতো সমানেই সক্ৰিয় দীপলিনা। প্ৰায়ে কণ্ঠশিল্পীগৰাকীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে ফটো, ভিডিঅ’ বা সংগীত সম্পৰ্কীয় তথ্য। দীপলিনাৰ প্ৰতিটো পোষ্টেই মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে 'হাতত হাত ধৰা' এখন ফটো শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত। এই ফটোখন শ্বেয়াৰ কৰাৰ পিছতে কাৰ সেই হাত সম্পৰ্কত হাজাৰটা প্ৰশ্ন উত্থাপন হৈছিল অনুৰাগীৰ মাজত। ছ'চিয়েল মিডিয়াত বিভিন্নজনে দিছিল বিভিন্ন মন্তব্য।

অৱশেষত, সকলো উৎকণ্ঠাৰ অৱসান ঘটাই কিছুসময় পূৰ্বে কন্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মেডিয়াত শ্বেয়াৰ কৰিলে সেই হাতখনৰ নেপথ্যত থকা ব্যক্তিজনৰ পৰিচয়। চাওক দীপলিনা ডেকাৰ সেই ফেচবুক পোষ্টঃ

দীপলিনা ডেকাৰ এই পোষ্টত নেটিজেনে কৰিছে বিভিন্ন মন্তব্য। খেনোৱে ক'লে, "অসমৰ ৰাইজক আগতীয়াকৈ এপ্ৰিল ফুল দিলে নেকি?", আকৌ খেনোৱে ক'লে, "অসমৰ সামাজিক মাধ্যমৰ অনুসন্ধান শাখাৰ প্ৰত্যেকগৰাকী সদস্যলৈ এক মিনিট মৌন প্ৰাৰ্থনা।"। মুঠতে এতিয়া সকলোৰে উৎকণ্ঠাৰ অৱসান পৰাৰ পিছত নেটিজেনৰ মাজত সৃষ্টি হৈছে ভিন ভিন প্ৰতিক্ৰিয়াৰ।

শেহতীয়া বাতৰি