অৱশেষত আহি পালে কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ 'বিয়া'। দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত আহি পালে সেই সময়। ছ’চিয়েল মিডিয়াত আচুৰ্য বৰপাত্ৰৰ 'বিয়া'ক লৈ চলি আছিল চৰ্চা। কণ্ঠশিল্পী গৰাকীয়ে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টেও অনুৰাগীৰ মনত উত্কণ্ঠাৰ সৃষ্টি কৰিছিল। পিছে সঁচাকৈয়ে আচুৰ্যৰ বিয়া নেকি? নিমন্ত্ৰণ নিদিয়াকৈ কাক বিয়া পাতিলে আচুৰ্যই?
আচলতে ’বিয়া’ হ’ল আচুৰ্য বৰপাত্ৰৰ এটা নতুন গীত। যিটো গীতৰ প্ৰচাৰৰ কৌশলে দীৰ্ঘদিন ধৰি কৌতুহলী কৰি ৰাখিছিল অনুৰাগীসকলক। অৱশেষত মুক্তি পালে বহু প্ৰতীক্ষিত ’বিয়া’।
বৰ্তমান সময়ত জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ ভিতৰত অন্যমত হৈছে আচুৰ্য। প্ৰায়ে ভাইৰেল হৈ পৰে আচুৰ্যৰ গান নাইবা ভিডিঅ'। এইবাৰ কণ্ঠশিল্পী গৰাকীয়ে "বিয়া" গীতটি উপহাৰ দিলে অনুৰাগীক। "বিয়া" গীতটি মুকলি কৰি আচুৰ্যই লিখিছে –
আয়োজনবোৰ শেষ হ'ল ! আপোনালোকৰ মৰম আৰু শুভেচ্ছা বুটলিবলৈ এতিয়া "বিয়া" গীতটি আগবঢ়াই দিলো! উপহাৰ নিবিচাৰো,আশীৰ্বাদ কৰিব !!
![?]()
পূৰ্বেও কণ্ঠশিল্পীগৰাকীয়ে অনুৰাগীক উপহাৰ দিছে বহুতো সুন্দৰ সুন্দৰ গীত। যাৰ বাবে বাবে অনুৰাগীৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে আচুৰ্য বৰপাত্ৰই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|