গুঞ্জন কলিতাঃ অসমৰ সৰ্ববৃহৎ গণ মাধ্যম ভ্ৰাম্যমাণ থিয়েটাৰ বিশ্ব নাট্য জগতৰ এক পৰম বিস্ময় ৷ এই নাট্য উদ্যোগটোৱে কেইবাদশক ধৰি অৰঙে-দৰঙে অসমীয়া ভাষাত নাট পৰিৱেশন কৰিছে যদিও শেহতীয়াভাৱে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট অৱনমিত হোৱা বুলি বহুতে অভিযোগ কৰে। ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰে বিশাল গণ মাধ্যমটিক অসমৰ জাতীয় উদ্যোগ হিচাপে ঘোষণা কৰি ইয়সৰ সম্প্ৰসাৰণ আৰু নিৰাপত্তাৰ বাবে অসম চৰকাৰক অতি শীঘ্ৰে এক বিশেষ আঁচনি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই অসম সাহিত্য সভাই ৷ ইয়াৰ বাবে বিশেষ ব্যৱস্থা লৈ আঁচনি প্ৰস্তুত কৰাৰ বাবে সাহিত্য সভাই মুখ্য সমন্বয়কৰ দ্বায়িত্ব প্ৰদান কৰিছে নলবাৰীৰ বিজেপি বিধায়ক অশোক শৰ্মাক ৷

অসম সাহিত্য সভাৰ ভগৱতীপ্ৰসাদ বৰুৱা ভৱনত এক সংবাদমেল অসম সাহিত্য সভাৰ সভাপতি ড৹ পৰমানন্দ ৰাজবংশীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৷ পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাই ভ্ৰাম্যমাণ নাট্য পৰিমণ্ডলেৰে মৈত্ৰীবন্ধনৰ সহযোগত ১১ আগষ্টত দিনৰ ১১ বজাত নলবাৰীৰ নাট্য মন্দিৰত প্ৰদান কৰিব ২০১৮-১৯ নাট্যবৰ্ষৰ বাবে 'ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা' ৷ আৱাহন থিয়েটাৰৰ প্ৰযোজক কৃষ্ণ ৰয়ক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে প্ৰদান কৰিব নাট্য সাহিত্য বঁটা, শ্ৰেষ্ঠ নাট্য দল, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ সহ অভিনেতা, শ্ৰেষ্ঠ সহ অভিনেত্ৰী, শ্ৰেষ্ঠ আৱহ সংগীত, শ্ৰেষ্ঠ মঞ্চ সজ্জা, শ্ৰেষ্ঠ আলোক সজ্জা আৰু শ্ৰেষ্ঠ গীত শিতানতো প্ৰদান কৰিব বঁটা ৷
ভ্ৰাম্যমাণৰ নাটকসমূহ লিখিত ৰূপত প্ৰকাশ কৰি নাট্য সাহিত্যক চহকী কৰিব লাগিব বুলি সংবাদমেলত মন্তব্য কৰে ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷ তেওঁ কয় যে, প্ৰতিবছৰে একোটা নাট্যদলে গড়ে তিনি-চাৰিখন নাটক পৰিৱেশন কৰে অথচ এই নাটসমূহ প্ৰকাশ নোহোৱাৰ ফলত বিশাল নাট্যসম্ভাৰ পাহৰণিৰ গৰ্ভত হেৰাই যায় ৷ ইতিমধ্যে অসমীয়া ভাষাৰ প্ৰায় ৭ লাখ প্ৰাচীন নাটক বিলুপ্ত হৈ গৈছে ৷ বিশ্বত বিৰল এই নাট্য উদ্যোগক চৰকাৰে পৰিশীলিতৰূপত বৰ্তাই আৰু অধিক শক্তিশালী কৰাৰ বাবে আগবাঢ়িলে অসমৰ জাতীয় জীৱন আৰু অধিক সমৃদ্ধিশালী হ'ব বুলি মন্তব্য কৰে ড৹ পৰমানন্দ ৰাজবংশীয়ে ৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 09, 2019, 17:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।