দেশৰ ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচিত চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া চলচ্চিত্ৰ 'ৰণুৱা'ই লাভ কৰিছে ৰজতকমল বঁটা। ২০১৯ বৰ্ষৰ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা এই বছৰ ঘোষণা কৰা হৈছিল। নতুন দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে ভাৰতৰ উপ–ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ হাতৰ পৰা এই সন্মানীয় বঁটা গ্ৰহণ কৰে পৰিচালক চন্দ্ৰ মুদৈয়ে৷
চন্দ্ৰ মুদৈৰ ৰণুৱা– হু নেভাৰ ছাৰেণ্ডাৰ (Ronuwa-Who never surrender) ছবিখনৰ ৰজত কমল প্ৰাপ্তিয়ে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে। এতিয়ালৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ পৰিচালনা কৰা চন্দ্ৰ মুদৈয়ে ১৯৫৬ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ ৰজত কমল বঁটা প্ৰাপ্তিৰ পিছত জন্মগাঁৱতো আনন্দৰ জোৱাৰ বোৱা পৰিলক্ষিত হৈছে।
চন্দ্ৰ মুদৈয়ে পৰিচালনা কৰা 'উজনিৰ দুজনী গাভৰু', 'চেনাই মোৰ ঢুলীয়া', 'মাঘত মামণিৰ বিয়া', 'সুৰেন চোৰৰ পুতেক', 'ছয়গাঁৱৰ চম্পা', 'বাকৰ পুতেক' আদি ছবিয়ে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ২০০৫ চনত তেওঁ ''সুৰেন চোৰৰ পুতেক''ৰ জৰিয়তে চলচ্চিত্ৰৰ জগতত পদাৰ্পণ কৰিছিল।
৮৮ মিনিট দৈৰ্ঘ্যৰ 'ৰণুৱা' চলচ্চিত্ৰখনত গুৱাহাটীৰ বান সমস্যা আৰু এগৰাকী ৰিক্সাচালক যাদৱ আৰু তেওঁৰ পত্নী মাকনৰ জীৱন সংগ্ৰাম কলাত্মক ৰূপত ফুটাই তোলা হৈছে। চলচ্চিত্ৰখনত অভিনয় কৰিছিল ৰাজীৱ ক্ৰ, প্ৰণামী বৰা, ৰ'দালি বৰা, নয়ন দাস আদিয়ে৷
উল্লেখ্য, প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত আন এখন চলচ্চিত্ৰ 'জোনাকী পৰুৱা'ই জুৰীৰ বিশেষ উল্লেখ সন্মান লাভ কৰিছিল। এই চলচ্চিত্ৰখন গাঁৱৰ এগৰাকী ট্ৰেন্স মহিলাৰ পৰিচয় আৰু প্ৰত্যাহ্বানৰ সৈতে সম্পৰ্কিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|