মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »নাৰী অন্যন্যা! ই-ৰিক্সা চালকৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।উৎসাহিত কৰিলে নাৰীসমাজক

নাৰী অন্যন্যা! ই-ৰিক্সা চালকৰ ৰূপত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ।উৎসাহিত কৰিলে নাৰীসমাজক

আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী ্প্ৰস্তুতি পৰাশৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট।

আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী ্প্ৰস্তুতি পৰাশৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট।

  • Share this:
নাৰী অবিহনে সকলো আধৰুৱা। বিভিন্ন সময়ত বিভিন্ন ভূমিকা পালন কৰি আহিছে এগৰাকী নাৰীয়ে। কেতিয়াবা পত্নী,ভগ্নী,আৰু কেতিয়াবা মাতৃ। নাৰী শব্দটো নিচেই সৰু,কিন্তু যোগ বিয়োগ সকলো ব্যৰ্থ এই শব্দটোৰ পৰিধি উলিওৱাত।

আজি নাৰী দিৱসৰ লগত সংগতি ৰাখি জনপ্ৰিয় অভিনেত্ৰী ্প্ৰস্তুতি পৰাশৰে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা পোষ্ট। প্ৰস্তুতিয়ে লিখিছে-''নাৰী- ত্যাগ, দয়া, সাহসৰ প্ৰতিমূৰ্তি। মমতাৰ অধিকাৰিণী নাৰী অনন্যা, মহীয়সী,শক্তিদায়িনী..নাৰী যে সভ্যতাৰ ভূষণ.. "আন্তৰ্জাতিক নাৰী দিৱস"ৰ এই বিশেষ ক্ষণত মাতৃ, ভগ্নী সহিতে নাৰী সমাজলৈ মোৰ উষ্ম শুভেচ্ছা, কৃতজ্ঞতা জনাইছোঁ। নাৰী মহাশক্তিয়ে যুগে যুগে আমাৰ সমাজখনক শক্তিশালী কৰি আহিছে। এই বিশেষ দিনটোত আন্তৰিকতাৰে কামনা কৰিছোঁ, নাৰী মহাশক্তিৰ প্ৰকৃত আৰু অধিক সবলীকৰণ হওঁক। প্ৰতিগৰাকী নাৰীৰ বাবে সমাজৰ প্ৰতিখন ক্ষেত্ৰ হওঁক সুৰক্ষিত আৰু মৰ্যদাসম্পন্ন।






বিভিন্ন সময়ত বিভিন্ন ৰূপত দেখা যায় এই গৰাকী অভিনেত্ৰীক। নিজৰ পৰিয়ালৰ লগতে থিয়েটাৰ,অভিনয়ৰ ক্ষেত্ৰত যথেষ্ঠ অৰিহণা আগবঢ়াইছে প্ৰস্তুতি পৰাশৰে।
উল্লেখ্য যে, এইবাৰ প্ৰস্তুতিয়ে এখন ই-ৰিক্সা চলাই এটা ভিডিঅ' ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। মূহুৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে ভিডিঅ'টি



 নাৰী যে অনন্যা তাৰেই এক উদাহৰণ প্ৰস্তুতি পৰাশৰ।সদায় নিজৰ কৰ্মৰাজীৰে নাৰী সমাজক উৎসাহীত কৰিছে প্ৰস্তুতিয়ে।

শেহতীয়া বাতৰি