অসমীয়া ছবিজগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া। তেওঁ এগৰাকী সুদক্ষ বিহু নৃত্যশিল্পী। বহুতো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাৰ লগতে অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বৰষা ৰাণী বিষয়াই।
ছ’চিয়েল মিডিয়াত যথেষ্ঠ সক্ৰিয় হৈ থাকে বৰষাই। প্ৰায়ে ছ’চিয়েল মিডিয়াত ফটো বা ভিডিঅ’ আপলোড কৰিলে ভাইৰেল হৈ পৰে।
নৱ প্ৰজন্মৰ মাজত যথেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী গৰাকী। বহু অনুৰাগীয়ে বৰষাৰ সকলো দিশ অনুসৰণ কৰে।
কিছুদিন পূৰ্বে বৰষাই ইনষ্টাগ্ৰাম হেণ্ডেলত এটি শিশুৰে সৈতে শুই থকা ফটো ষ্টোৰীত শ্বেয়াৰ কৰিছিল। তাৰ পিছতে অনুৰাগীৰ মাজত বু বু বা বা আৰম্ভ হৈছে। বিভিন্নজনে বৰষা–ভাস্কৰৰ জীৱনত নতুন আলহী অহা বুলি শুভেচ্ছাও জ্ঞাপন কৰিছে।
![]()
বৰ্তমানে ফটোখন ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তথ্য অনুসৰি প্ৰকৃততে ফটোখন আছিল শ্বুটিংৰ এটা ভাল লগা মূহুৰ্তৰ ফটো। যিখন ফটোই অনুৰাগীৰ মনত সৃষ্টি কৰিছিল কৌতুহলৰ।
উল্লেখ্য যে, বৰ্তমান অভিনেত্ৰী বৰষা ৰাণী বিষয়া ব্যস্ত হৈ আছে তেওঁৰ আহিবলগীয়া বিভিন্ন প্ৰজেক্টত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|