কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত অভিনেত্ৰী–পৰিচালক আইমী বৰুৱা। মুগাৰ সাজ পিন্ধি ৰেড কাৰ্পেটত দেখা গ’ল আইমী বৰুৱাক। অসমৰ চলচ্চিত্ৰক আন্তঃৰাষ্ট্রীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াস আইমীৰ।
ৰেড কাৰ্পেটত খোজ দিয়াৰ পূৰ্বে ছচিয়েল মি়ডিয়াযোগে অভিনেত্ৰী আইমী বৰুৱাই এই বিষয়ে সদৰি কৰে। আইমীয়ে কয়, "কাঁ ফেষ্টিভেলৰ ফালৰ পৰা আগতীয়াকৈ নিৰ্ধাৰিত কৰি থোৱা হয়, ৰেড কাৰ্পেটত কোন যাব। আজি মোক তেওঁলোকে সুযোগ দিছে, ভাৰতৰ ফালৰ পৰা। মোৰ জীৱনৰ এটা উল্লেখযোগ্য দিন হ’ব আজিৰ দিনটো।’’
ছচিয়েল মিডিয়াযোগে আইমীয়ে কয়, ‘চেমখৰ’ৰ বাবেই আজি মই এইখন মঞ্চ পাইছো। ডিমাচাসকলক ধন্যবাদ জনাইছো যে তেওঁলোকৰ ভাষা–সংস্কৃতি, ৰীতি–নীতিৰ বাবেই আজি মই ইয়াত থিয় হৈ আছো। এই গৌৰৱৰ অধিকাৰী সমগ্ৰ অসমবাসী, সমগ্ৰ উত্তৰ–পূববাসী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|