মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »২০২০ চনৰ Filmfare Award হ’ব অসমত! বলীউডৰ ৰথী–মহাৰথীয়ে ৰঙীণ কৰিব গুৱাহাটী...

২০২০ চনৰ Filmfare Award হ’ব অসমত! বলীউডৰ ৰথী–মহাৰথীয়ে ৰঙীণ কৰিব গুৱাহাটী...

Source-Google

Source-Google

২০২০ চনত বলীউডৰ ৰথী মহাৰথীৰে ভৰিব গুৱাহাটী মহানগৰ!

  • Share this:
    ২০২০ চনত বলীউডৰ ৰথী মহাৰথীৰে ভৰিব গুৱাহাটী মহানগৰ! অমিতাভ বচ্চনৰ পৰা শ্বাহৰুখ খানলৈকে, কেটৰীণা কেঈফৰ পৰা দিপিকা পাডুকন, শ্ৰদ্ধা কাপুৰলৈকে সকলোৱে ৰঙীণ কৰি তুলিব গুৱাহাটী। উপস্থিত থাকিব বলীউডৰ নামী দামী তাৰকাৰ পৰা পৰিচালক প্ৰযোজকলৈকে।



    অসম পৰ্যটনৰ অধিক প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ ‘Award Show’  ‘Filmfare Award’ অসমত অনুষ্ঠিত কৰিব বিচাৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে। ইতিমধ্যে এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমছ গ্ৰুপে। শনিবাৰে ট’ৰ অপাৰেটৰ সমাৰোহত এই বিষয়ে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

    Source-Hamara Photos


    সেইদৰে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৩০০ কোটি টকা আৱণ্টন দিছে ৰাজ্য চৰকাৰে। অসম পৰ্যটন বিভাগৰ এই প্ৰচেষ্টা বাস্তৱত ৰূপায়িত হ’লে নিশ্চয়কৈ ইতিবাচক প্ৰভাৱ পৰিব অসমৰ চলচিত্ৰ উদ্যোগতো।

    শেহতীয়া বাতৰি