• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Pathaan ছবিত কিং খানৰ সৈতে অভিনয় কৰা অসমৰ দিগন্ত হাজৰিকাই শ্বাহৰুখ সৰ্ন্দভত কি ক'লে ?

Pathaan ছবিত কিং খানৰ সৈতে অভিনয় কৰা অসমৰ দিগন্ত হাজৰিকাই শ্বাহৰুখ সৰ্ন্দভত কি ক'লে ?

শ্বাহৰুখ খানৰ দৰে বলিষ্ঠ অভিনেতাৰ সৈতে অভিনয় কৰা দিগন্ত হাজৰিকাই ছবিখনৰ মুক্তিৰ পিছতে দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰিছে। বলীউডৰ কিং খান শ্বাহৰুখৰ ব্যক্তিত্বৰ কথাও ক'লে অভিনেতাগৰাকীয়ে।

শ্বাহৰুখ খানৰ দৰে বলিষ্ঠ অভিনেতাৰ সৈতে অভিনয় কৰা দিগন্ত হাজৰিকাই ছবিখনৰ মুক্তিৰ পিছতে দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰিছে। বলীউডৰ কিং খান শ্বাহৰুখৰ ব্যক্তিত্বৰ কথাও ক'লে অভিনেতাগৰাকীয়ে।

শ্বাহৰুখ খানৰ দৰে বলিষ্ঠ অভিনেতাৰ সৈতে অভিনয় কৰা দিগন্ত হাজৰিকাই ছবিখনৰ মুক্তিৰ পিছতে দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰিছে। বলীউডৰ কিং খান শ্বাহৰুখৰ ব্যক্তিত্বৰ কথাও ক'লে অভিনেতাগৰাকীয়ে।

  • Share this:
গেৰুৱা বিকিনিক লৈ চলা চৰ্চা তথা বয়কট ট্ৰেণ্ডিঙৰ মাজতে আজি দেশজুৰি মুক্তি লাভ কৰিলে শ্বাহৰুখ খান আৰু দিপীকা পাডুকন অভিনীত ছবি ‘পাঠান’। মুক্তিৰ পিছতে দেশবাসীৰ অভুতপূৰ্ব সঁহাৰি লাভ কৰিছে এই ছবিখনে।

ছবিখন উপভোগ কৰিবলৈ গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ছবিগৃহত দৰ্শকৰ যথেষ্ট ভিৰ হৈছে। বহু চৰ্চিত, বিগ বাজেটৰ ছৱিখন অসমৰ বাবে আন এক কাৰণত প্ৰাসংগিক। ছবিখনত অভিনয় কৰিছে অসমৰ সুদক্ষ অভিনেতা দিগন্ত হাজৰিকাই।

শ্বাহৰুখ খানৰ দৰে বলিষ্ঠ অভিনেতাৰ সৈতে অভিনয় কৰা দিগন্ত হাজৰিকাই ছবিখনৰ মুক্তিৰ পিছতে দৰ্শকৰ উৎসাহ দেখি অভিভূত হৈ পৰিছে। বলীউডৰ কিং খান শ্বাহৰুখৰ ব্যক্তিত্বৰ কথাও ক'লে অভিনেতাগৰাকীয়ে। শ্বাহৰুখ এগৰাকী ডাউন টু আৰ্থ ব্যক্তি। দৃশ্য গ্ৰহণৰ আৰম্ভণি আৰু শেষত সহশিল্পীক আকোৱালি লৈ মাত নলগোৱাকৈ কেতিয়াও নগৈছিল তেওঁ। সদায় সকলোকে উৎসাহিত কৰে। ছবিৰ দৃশ্য গ্ৰহণ শেষ হোৱাৰ পিছত সকলোকে কৈছিল "আমি আমাৰ কাম কৰিলো, এতিয়া আৰু আমি ছবিৰ কথা চিন্তা নকৰো, এতিয়া ৰাইজে চিন্তা কৰিব"।

আনহাতে পাঠান হৈছে এখন দেশপ্ৰেম মূলক ছৱি। ছবিখনক লৈ অহেতুক বিতৰ্ক কৰা বুলি অভিহিত কৰিছে অভিনেতা দিগন্ত হাজৰিকাই । মঙলবাৰে মুম্বাইত ছবিখনৰ সকলো কলা-কুশলীয়ে ছবিখনৰ দৰ্শনী একেলগে উপভোগ কৰে। বুধবাৰে পুৱা মুম্বাইৰ পৰা গুৱাহাটীত আহি উপস্থিত হোৱা দিগন্ত হাজৰিকাই পুনৰ পত্নী আৰু পৰিয়ালৰ সৈতে ছবিখন চোৱাৰ হেঁপাহ। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ঋত্বিক ৰোশনৰ লগত মহেঞ্জোদাৰো নামৰ ছবিখনত অভিনয় কৰিছিল দিগন্ত হাজৰিকাই।

আনহাতে ছবিখন মুক্তিৰ পিছতে আনন্দৰ জোৱাৰ উঠিছে দিগন্ত হাজৰিকাৰ গৃহ জিলা নগাঁৱৰ পুৰণিগুদামত। পুৰণিগুদাম গায়নবৈৰাগীচুকৰ ঘৰখনত বৰ্তমান আছে মাতৃ জ্যোতি হাজৰিকা আৰু জ্যেষ্ঠ ভগ্নী দীপা হাজৰিকা। পুৰণিগুদাম ড৹ আৰ.কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একালত অধ্যয়নৰত ছাত্ৰ দিগন্ত হাজৰিকাৰ কৃৰ্তিত্বক লৈ এতিয়া সন্তুষ্টি আৰু প্ৰশংসাত পঞ্চমুখ মাতৃ আৰু শিক্ষাগুৰুসকল।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি