আজি মুক্তিলাভ কৰিছে
শ্বাহৰুখ খানৰ বহু বিতৰ্কিত ছবি ‘
পাঠান’ (Pathaan)। তীব্ৰ বিৰোধ–বিতৰ্ক–বয়কট ট্ৰেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’ (Shah Rukh Khan)। বিতৰ্কই একপ্ৰকাৰ মুক্তিৰ পূৰ্বে ছুপাৰহিট কৰি পেলোৱা শ্বাহৰুখৰ ‘পাঠান’ চাবলৈ ছবিগৃহত দেখা গৈছে দৰ্শকৰ ভিৰ। আজি পুৱাৰে পৰা ছবিগৃহসমূহত দেখা গৈছে দৰ্শকৰ লানি।
মুক্তিৰ পূৰ্বেই ‘পাঠান’ ছবিখনে সৃষ্টি কৰিছে অভিলেখ। ‘পাঠান’ৰ কোটি কোটি টকাৰ টিকট মুক্তিৰ পূৰ্বে অনলাইনত বুকিং হৈছে। জানিব পৰা মতে, একাংশ ছবিগৃহত মুক্তিৰ দিনাই অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’ৰ দৰ্শনী ৰখা হৈছে। ‘পাঠান’ৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল।
‘পাঠান’ ছবিখনত অভিনয় কৰিছে শ্বাহৰুখ খানৰ লগতে
দীপিকা পাডুকণ,
জন আব্ৰাহাম,
ছলমান খান,
ডিম্পল কাপাডিয়া,
আশুতোষ ৰাণা, সিদ্ধান্ত ঘেগাদমাল,
গৌতম ৰোডে আদি তাৰকাই।
আৰু পঢ়ক : ‘বয়কট ট্ৰেণ্ড’ক উপেক্ষা শ্বাহৰুখ প্ৰেমীৰ, বহু বিতৰ্কৰ পিছত আজি মুক্তি পালে শ্বাহৰুখ খানৰ ‘পাঠান’এইখিনিতে আন এটা ভাল খবৰ। শ্বাহৰুখ খানৰ ‘পাঠান’ ছবিখনত অভিনয় কৰিছে অসমৰ
দিগন্ত হাজৰিকায়ো (Actor Diganta Hazarika)। ছবিখনত শ্বাহৰুখ খানৰ সহযোগী হিচাপে অভিনয় কৰিছে দিগন্তই। উল্লেখযোগ্য যে ২০১৬ চনত মুক্তিলাভ কৰা আশুতোষ গোৱাৰিকাৰৰ ‘
মহেঞ্জ’দাৰো’ ছবিখনৰ জৰিয়তে বলীউদত খোজ পেলাইছিল দিগন্তই। ঋত্বিক ৰোশনৰ লগত অভিনয় কৰাৰ পিছত এইবাৰ বলীউদৰ কিং খানৰ সৈতে দেখা যাব দিগন্তক। বলীউদৰ ছবিত অসমৰ দিগন্তৰ অভিনয় চাবলৈ উৎসুক অসমৰ ছবিপ্ৰেমীসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|