মুম্বাইৰ জাহাজত ড্ৰাগছ সেৱন বিতৰ্কত কোনোমতে ক্লীনশ্বীট পোৱাৰ পিছত পুনৰ এবাৰ বিতৰ্কত সাঙোৰ খাই পৰিছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান (Shahrukh Khan)ৰ পুত্ৰ আৰিয়ান খান (Aryan Khan)। এইবাৰ মুম্বাইৰ এটা ক্লাৱত সুৰা সেৱন কৰি থকা বাবে ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হৈছে আৰিয়ান খান। আৰিয়ানৰ এই কাৰ্যক বহুতেই দায়িত্বহীন আখ্যা দিছে।
উল্লেখ্য যে ২৪ বছৰীয়া আৰিয়ান খান ড্ৰাগছ বিতৰ্ক (Aryan Khan Drugs Case)ত সাঙোৰ খাই পৰাৰ পিছৰে পৰা ট্ৰ’লৰ সন্মুখীন হৈ আহিছে। এইবাৰ আৰিয়ানে সুৰা সেৱন কৰি থকা ভিডিঅ’ ভাইৰেল (Aryan Khan Viral Video) হৈছে।
এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে আৰিয়ান খান পুনৰ তেওঁৰ আড়ম্বৰপূৰ্ণ বিলাসী জীৱনশৈলীলৈ উভতি আহিছে! যেতিয়া ধন আৰু ক্ষমতাই আইন-শৃংখলাক অতিক্ৰমী যায় তেতিয়া অভিযুক্তই অধিক অপৰাধৰ বাবে উৎসাহ পায়!
কিন্তু আৰিয়ান খানৰ অনুৰাগীসকলে এই ভিডিঅ’টোক লৈ ট্ৰ’ল (Aryan Khan Trolled) উভতি ধৰিছে। ভিডিঅ’টোত আৰিয়ানে মাস্ক পিন্ধি থকা বাবে আৰিয়ানৰ দায়িত্বজ্ঞানৰ প্ৰশংসা কৰিছে বহুতে।
আন কিছুমানৰ মতে আৰিয়ান এতিয়া শিশু নহয়, তেওঁ এতিয়া ২৪ বছৰীয়া এজন প্ৰাপ্তবয়স্ক লোক।
আন এজনে এইবলি আৰিয়ানৰ সমৰ্থন কৰিছে যে আৰিয়ানৰ নিজৰ জীৱন উপভোগৰ অধিকাৰ নাই নেকি? তেওঁক অকলে এৰি দিয়ক।
উল্লেখ্য যে অলপতে মুম্বাইৰ ড্ৰাগছ গোচৰত আদালতৰ পৰা ক্লীনশ্বীট পাইছে আৰিয়ানে। NCBয়ে দাখিল কৰা ৬০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটত আৰিয়ানৰ নাম উল্লেখ কৰা নাই। অৱশ্যে এই গোচৰত ২৬ দিন কাৰাগাৰত থাকিবলগীয়া হৈছিল আৰিয়ান খান। আৰিয়ানৰ লগতে আন ৫ জনকো ক্লীনশ্বীট দিয়া হৈছিল।
- First Published :