অক্টোবৰৰ শেষত জামিনত মুকলি হোৱাৰ পিছত আৰিয়ানক কেইবাবাৰো এনচিবি কাৰ্যালয়ত উপস্থিত হোৱা দেখা গৈছে।
অক্টোবৰৰ শেষত জামিনত মুকলি হোৱাৰ পিছত আৰিয়ানক কেইবাবাৰো এনচিবি কাৰ্যালয়ত উপস্থিত হোৱা দেখা গৈছে।
আজি আই পি এল (IPL 2022)ৰ বৃহৎ নিলামৰ আৰম্ভণি হয়। দুদিন ধৰি চলিব লগা এই নিলামত মুঠ ৫৯০গৰাকী ক্ৰিকেটাৰক লৈ নিলাম চলে। নিলাম কেন্দ্ৰৰ অন্য আকৰ্ষণীয় দিশৰ লগতে সকলোৰে দৃষ্টি এবাৰলৈ আকৰ্ষণ কৰে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে। আৰিয়ানৰ সৈতে আছিল শ্বাহৰুখ তনয় সুহানা খানো (Aryan Khan Suhana Khan)।
কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ নিলাম অনুষ্ঠানত থাকে আৰিয়ান খানৰ লগতে জুহি চাওলাৰ জীয়াৰীও। KKR দলটো শ্বাহৰুখ খান আৰু জুহি চাওলাৰ মালিকানাধীন। শ্বাহৰুখ খান বা জুহি কোনো নিলামত নাছিল। ইয়াৰ পৰিৱৰ্তে সন্তানে নিলাম অনুষ্ঠানত ভাগ লয়। উল্লেখ্য মাদক দ্ৰব্য গোচৰত অভিযুক্ত হোৱাৰ পিছত শনিবাৰে আৰিয়ানক প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল।
অক্টোবৰৰ শেষত জামিনত মুকলি হোৱাৰ পিছত আৰিয়ানক কেইবাবাৰো এনচিবি কাৰ্যালয়ত উপস্থিত হোৱা দেখা গৈছে। অৱশ্যে, ইয়াৰ বাহিৰত স্বাভাৱিক জীৱনত এয়া প্ৰথমবাৰৰ বাবে তেওঁক প্ৰত্যক্ষ কৰা যায়। আৰিয়ান আৰু ভগ্নী সুহানাই তেওঁলোকৰ দেউতাকৰ অনুপস্থিতিত এজন নিখুঁত উত্তৰাধিকাৰীৰ দৰে ব্যৱসায় পৰিচালনা কৰা দেখা গৈছিল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|