আৰিয়ান খানক (Aryan Khan)ক ৩ অক্টোবৰত ড্ৰাগছ পাৰ্টীৰ গোচৰত এনচিবিয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁক ৮ অক্টোবৰত আৰ্থাৰ ৰোডৰ কাৰাগাৰলৈ অনা হৈছিল। তেওঁক কিলা ক'ৰ্টে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আৰিয়ান খানৰ জামিনৰ শুনানি এতিয়ালৈকে প্ৰায় ৬ বাৰ হৈছে, কিন্তু মুক্তি এতিয়াও হোৱা নাই। আজিৰ শুনানিও তেওঁৰ মুক্তিৰ বিপক্ষে গ'ল।
কিন্তু বিলাসবহুল জীৱনযাত্ৰাত অভ্যস্ত এগৰাকী যুৱকৰ কাৰাগাৰৰ ভিতৰত কেনে অৱস্থা হৈছে। খবৰ পোৱা গৈছে যে আৰিয়ানে কাৰাগাৰলৈ অহাৰ দিনৰ পৰা জে'লৰ ভাত খোৱা নাই। জে'লৰ খাদ্য পছন্দ নোহোৱাত তেওঁ খাবলৈ লৈছে বিস্কুট। সূত্ৰ অনুসৰি আৰিয়ানে কেৱল বিস্কুট খাইছে আৰু তেওঁ লগত অনা পানী পিছে।
তেওঁ ১২ বটল পানী কিনিছিল, যাৰ ভিতৰত এতিয়া তেওঁৰ ওচৰত মাত্ৰ কেইটামান বটল বাকী আছে। খবৰ অনুসৰি কাৰাগাৰত থকা আৰিয়ানৰ সহযোগীসকলেও জে'লৰ খাদ্য খোৱা নাই। আৰ্থাৰ ৰোড কাৰাগাৰত ৰাতিপুৱাৰ আহাৰৰ লগতে দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰৰ ব্যৱস্থা আছে। ইয়াত মাহজাতীয় শস্য, চাউল, ৰুটী আৰু পাচলি পৰিৱেশন কৰা হয়।
জানিব পৰা মতে, তেওঁ ভোক নলগা বুলি উল্লেখ কৰি খাদ্য নোখোৱাকৈ আছে। আৰিয়ানে কাৰাগাৰৰ কেণ্টিনৰ পৰা ক্ৰয় কৰা বিস্কুট খাই কাম চলাই আছে। কাৰাগাৰ কৰ্তৃপক্ষই আৰিয়ানক বুজাই আছে যদিও তেওঁ কাৰাগাৰত কোনো খাদ্য খাবলৈ অস্বীকাৰ কৰিছে। ইফালে পুত্ৰক লৈ শ্বাহৰুখ আৰু গৌৰীও বেয়া অৱস্থাত আছে, ফোনত আপডেট লৈ থকা শ্বাহৰুখ খান আৰু গৌৰী খানে ৰাতিটো শুবও পৰা নাই।
শ্বাহৰুখে আৰিয়ানৰ স্বাস্থ্যৰ বিষয়ে জানিবলৈ এনচিবি বিষয়াসকলক ফোন কৰিছিল। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, শ্বাহৰুখৰ পৰিয়ালৰ এক ঘনিষ্ঠ সূত্ৰই কৈছিল যে পুত্ৰ আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা দুয়োজনে গোচৰটোৰ ওপৰত চকু ৰাখিছে। শ্বাহৰুখ আৰু গৌৰীয়ে কেতিয়াও ভবা নাছিল যে গোচৰটো ইমান দীঘলীয়া হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|