• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Aryan Khan Bail Hearing: আজি নিশাও কাৰাগাৰতে থাকিব লাগিব আৰিয়ান খান, বুধবাৰলৈ অব্যাহত জামিনৰ শুনানি

Aryan Khan Bail Hearing: আজি নিশাও কাৰাগাৰতে থাকিব লাগিব আৰিয়ান খান, বুধবাৰলৈ অব্যাহত জামিনৰ শুনানি

মুকুল ৰোহতগীয়ে  আজি আৰিয়ান খানৰ  গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰি এই কাৰ্যৰ বাবে এনচিবিক লৈ প্ৰশ্ন উত্থাপন কৰে।

মুকুল ৰোহতগীয়ে  আজি আৰিয়ান খানৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰি এই কাৰ্যৰ বাবে এনচিবিক লৈ প্ৰশ্ন উত্থাপন কৰে।

মুকুল ৰোহতগীয়ে  আজি আৰিয়ান খানৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰি এই কাৰ্যৰ বাবে এনচিবিক লৈ প্ৰশ্ন উত্থাপন কৰে।

  • Share this:

বোম্বাই উচ্চ ন্যায়ালয় (Bombay High Court)–এ মুম্বাই উপকূলৰ ওচৰৰ এখন ক্ৰুজ জাহাজৰ পৰা ড্ৰাগছ জব্দ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিনেতা শ্বাহৰুখ খান (Shahrukh Khan)ৰ পুত্ৰ আৰিয়ান খানৰ (Aryan Khan) জামিন আবেদনৰ শুনানি বুধবাৰে দুপৰীয়া ২.৩০ বজাত দিব। ন্যায়াধীশ এন ভি চাম্ব্ৰেই মঙলবাৰে জামিনৰ আবেদনৰ শুনানি লৈছিল।


আৰিয়ান খানৰ অধিবক্তা মুকুল ৰোহতগী আৰু সতীশ মানশিন্দে আদালতক কৈছিল যে নাৰ্কোটিক্স কনট্ৰ'ল ব্যুৰো(NCB)ৰ ওচৰত ২৩ বছৰীয়া আৰিয়ানৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই আৰু তেওঁক ভুলকৈ গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ২০ দিনৰো অধিক সময় কাৰাগাৰত ৰখা হৈছে।


এনচিবিৰ অভিযোগ অনুসৰি, ড্ৰাগৰ অপব্যৱহাৰ, ড্ৰাগ জব্দ হোৱা আৰু তথাকথিত ষড়যন্ত্ৰ আৰু প্ৰৰোচনাত জড়িত থকাৰ কোনো প্ৰমাণ নাই আৰিয়ান। এই মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা ৰোহতগীয়ে। ৰোহতগীয়ে তেওঁৰ যুক্তি সম্পূৰ্ণ কৰাৰ পিছত আদালতে কয় যে আৰিয়ানৰ লগতে বুধবাৰে সহঃ অভিযুক্ত আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰ শুনানি অব্যাহত ৰাখিব।


উল্লেখ্য,  ২০ অক্টোবৰত অনুষ্ঠিত শুনানিত বিশেষ আদালতে এনডিপিএছ  আইনৰ অধীনত জামিন প্ৰত্যাখ্যান কৰাৰ পিছত আৰিয়ান খানে তাৎক্ষণিক শুনানিৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। ভাৰতৰ প্ৰাক্তন এটৰ্নি জেনেৰেল মুকুল ৰোহতগীয়ে  আজি আৰিয়ান খানৰ জামিনৰ আবেদন দণ্ডাধীশ আদালত আৰু সত্ৰ আদালতৰ দ্বাৰা নাকচ কৰাৰ পিছত বোম্বাই উচ্চ ন্যায়ালয়লৈ আগবাঢ়ি আহিছিল। তেওঁ খানৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰি এই কাৰ্যৰ বাবে এনচিবিক লৈ প্ৰশ্ন উত্থাপন কৰে।

Published by:Gautam Barman
First published: