ইণ্ডিয়ান আইডল ছিজন ১২ (Indian Idol season 12)ত আটাইতকৈ বেছি চৰ্চিত হৈছিল অৰুণিতা কাঞ্জিলাল (Arunita Kanjilal) আৰু পৱনদীপ ৰাজন (Pawandeep Rajan)। এই যুটীয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইণ্ডিয়ান আইডল শেষ হোৱাৰ পিছত এই যুটীয়ে কেইবাটাও প্ৰজেক্ট একেলগে পাইছিল। দুয়োকে মিউজিক ভিডিঅ’তো দেখা গৈছিল। কিন্তু এতিয়া অৰুণিতাই পৱনদীপৰ সৈতে কাম কৰিবলৈ অস্বীকাৰ কৰিছে। এই খবৰ ভাইৰেল হোৱাৰ পিছত এতিয়া পৱনদীপ আৰু অৰুণিতাৰ অনুৰাগীসকল নিৰাশ হৈ পৰিছে।
অৰুণিতাৰ পিতৃৰ আছিল এই দাবীআচলতে এই গানটোৰ নিৰ্দেশনা ৰাজ ছুৰানীয়ে কৰিবলগা আছিল। তেওঁ দুয়োৰে গান ‘মঞ্জুৰ দিল’ৰো নিৰ্দেশনা কৰিছে। এয়াও কোৱা হৈছে যে পৱনদীপ আৰু অৰুণিতাৰ মাজত সকলো ঠিকে–ঠাকে চলা নাই। টাইমছৰ ৰিপ’ৰ্ট মতে, অৰুণিতাৰ অভিভাৱক ইণ্ডিয়ান আইডলত দেখুওৱা তেওঁলোকৰ লাভ ট্ৰেকক লৈ সুখী নাছিল। যেতিয়া ৰাজ ছুৰানীয়ে দুয়োকে তিনিটা মিউজিক ভিডিঅ’ৰ বাবে চুক্তিবদ্ধ কৰিছিল তেতিয়াও অৰুণিতাৰ পিতৃয়ে স্পষ্ট কৰি দিছিল যে ভিডিঅ’ত ইণ্টিমেট দৃশ্য থাকিব নোৱাৰিব।
অধিক হস্তক্ষেপ আছিল নেকি পিতৃৰঅনুমান কৰা হৈছে যে অৰুণিতাৰ পিতৃৰ অধিক হস্তক্ষেপৰ বাবেই তেওঁ দ্বিতীয়টো মিউজিক ভিডিঅ’ এৰি দিছে। ৰাজ ছুৰানীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কয় যে এনেকুৱা কোনো কথা নাছিল যে অৰুণিতাই মিউজিক ভিডিঅ’ত কাম কৰিব বিচৰা নাছিল। যদি তেওঁ পাৰফৰ্ম নকৰে তেন্তে বিদেশত কিয় শ্ব’ কৰে। ৰাজ ছুৰানীয়ে কয়, ‘‘মই ভাবো এয়া পৰিয়ালৰ সিদ্ধান্ত যে তেওঁ মিউজিক ভিডিঅ’ত কাম কৰিব নালাগে। মই সঁচাকৈ বহুত নিৰাশ হৈছো।’’
এয়া আচল কাৰণতেওঁ ইয়াকো কয় যে অৰুণিতাৰ অভিনয়ত আগ্ৰহ নাই আৰু তেওঁ কেৱল গানত গুৰুত্ব দিব বিচাৰে। মাতৃৰ হস্তক্ষেপ সন্দৰ্ভত ছুৰানীয়ে কয় যে, ‘‘ইয়াত এইবোৰ কথাৰ কোনো সম্পৰ্ক নাই। অৰুণিতাৰ অভিনয়ত আগ্ৰহ নাই আৰু কেৱল গানত গুৰুত্ব দিব বিচাৰে। কোম্পানীয়ে তেওঁৰ পৰা যি পৰ্যায়ৰ অভিনয় বিচাৰিছিল সেয়া তেওঁৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল আৰু সেইবাবে এই সিদ্ধান্ত লৈছে।’’
কিন্তু কাৰণ যিয়েই নহওক,কিন্তু ‘ইণ্ডিয়ান আইডল ছিজন ১২’ত পৱনদীপ আৰু অৰুণিতাৰ যুটী ছুপাৰহিট আছিল। মানুহে তেওঁলোকৰ যুটী খুব ভাল পাইছিল। সেইবাবে অনুৰাগীয়ে তেওঁলোকৰ মিউজিক ভিডিঅ’ৰ বাবে অপেক্ষা কৰিছিল। আৰু সেয়েহে এয়া অনুৰাগীৰ বাবে নিশ্চয়কৈ বেয়া খবৰ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|