• Home
  • »
  • News
  • »
  • entertainment
  • »
  • টেলিভিছনৰ পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

টেলিভিছনৰ পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা

একতা কাপুৰৰ এটা ৱেব চিৰিজত সৈনিকক অপমান কৰা গোচৰত বেগুচাৰাইৰ এখন আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

একতা কাপুৰৰ এটা ৱেব চিৰিজত সৈনিকক অপমান কৰা গোচৰত বেগুচাৰাইৰ এখন আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

একতা কাপুৰৰ এটা ৱেব চিৰিজত সৈনিকক অপমান কৰা গোচৰত বেগুচাৰাইৰ এখন আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে।

  • Share this:
জনপ্ৰিয় টেলিভিছন পৰিচালক একতা কাপুৰ আৰু তেওঁৰ মাতৃৰ বাবে আহি পৰিছে এক ডাঙৰ বিপদ। কাৰণ বুধবাৰে বিহাৰৰ বেগুচাৰাইৰ এখন আদালতে বলীউদৰ ছবি নিৰ্মাতা আৰু নিৰ্দেশক একতা কাপুৰ আৰু তেওঁৰ মাতৃ শোভা কাপুৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে। জানিব পৰা মতে, একতাৰ ৱেব চিৰিজ ‘XXX’ (চীজন–২)ত সৈনিকক অপমান কৰা আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ অনুভূতিক আঘাত কৰাৰ গোচৰত এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছে। ন্যায়াধীশ বিকাশ কুমাৰৰ আদালতে প্ৰাক্তন সৈনিক আৰু বেগুচাৰাইৰ নিৱাসী শম্ভু কুমাৰৰ গোচৰৰ ওপৰত ভিত্তি কৰি এই পাৰোৱানা জাৰি কৰে।

প্ৰাক্তন সৈনিক শম্ভু কুমাৰে ২০২০ চনত এক গোচৰ ৰুজু কৰিছিল যে ৱেব চিৰীজ ‘XXX’ (চীজন–২)ত এজন সৈনিকৰ পত্নীৰ সৈতে সম্বন্ধিত বহু আপত্তিজনক কথা দেখুওৱা (দৃশ্যাংক কৰা) হৈছে।

শম্ভু কুমাৰৰ অধিবক্তা হৃষীকেশ পাঠকে কয় যে, ৱেব চিৰীজটো একতা কাপুৰৰ বালাজী টেলিফিল্মছ লিমিটেডৰ মালিকানাধীন অ'টিটি প্লেটফৰ্ম অল্ট বালাজীত সম্প্ৰচাৰিত হৈছিল। লগতে তেওঁ কয় যে শোভা কাপুৰ বালাজী টেলিফিল্মছৰ সৈতে জড়িত।

অধিবক্তা হৃষীকেশ পাঠকে কয় যে, আদালতে একতা আৰু শোভা কাপুৰক চমন জাৰি কৰিছিল আৰু গোচৰটোৰ সন্দৰ্ভত হাজিৰ হ'বলৈ কৈছিল। কাপুৰৰ ফালৰ পৰা আদালতক জনোৱা হৈছিল যে, আপত্তিৰ পিছত শৃংখলাটোৰ (ৱেব চিৰীজটো) কিছুমান দৃশ্য বিলোপ কৰা হৈছিল। কিন্তু তেওঁ তেনে কৰা নাছিল বুলি অধিবক্তা পাঠকে কয়। ইয়াৰ পাছতেই একতা আৰু শোভা কাপুৰৰ বিৰুদ্ধে আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি