'হাৱায়ে', 'কেশৰিয়া', 'ফিৰ লে আয়া', ইটোৰ পিছত সিটো হৃদয়স্পৰ্শী গীত। মিউজিক চিষ্টেমত নহয়, প্ৰিয় সংগীতজ্ঞজনে চকুৰ সন্মুখত গাব গান। অৰিজিত সিং মানে চকুৰ শান্তি, কৰ্ণকুহৰত শান্তি, শান্ত হৈ পৰে মন। ইয়াৰ লগতে থাকিব প্ৰিয় সুৰা, বিভিন্ন ধৰণৰ খাদ্য। ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি মেইন কোৰ্চ, ডেজাৰ্টলৈকে। এনে সুযোগ হেৰুৱাব পাৰি জানো?
লাইভ কনচাৰ্টত থাকিব মাত্ৰ ৪০ খন আসন! অৰিজিত-অনুৰাগী উত্ৰাৱল হৈ পৰিছে। কিন্তু তাৰ পিছত হঠাৎ জোকাৰিছে টিকটৰ মূল্যই। গান শুনিবলৈ ইমান খৰচ হয়! টকাৰ পৰিমাণ শুনি অনুৰাগীয়ে মূৰে-কপালে হাত দিছে। প্ৰিমিয়াম লাউঞ্জ ১ৰ এখন আসনৰ দাম ১৬ লাখ!
পুনেৰ এই লাইভ কনচাৰ্টত থিয় হৈ সংগীত শুনিবলৈ এটা আৰ্লি বাৰ্ড ছেকচন সৃষ্টি কৰা হৈছে। যাৰ দাম ৯৯৯ টকাৰ পৰা আৰম্ভ হয়।
অহা জানুৱাৰী মাহত পুনেৰ ‘দ্য মিলছ’ত অনুষ্ঠিত হ’ব এই লাইভ কনচাৰ্ট। একে সময়তে এই কনচাৰ্টটোক লৈ অনুৰাগীসকল উৎসাহিত হৈ পৰিছে। আনহাতে, টিকটৰ মূল্যক লৈ ক্ষুব্ধ হৈ পৰিছে অনুৰাগী। কনচাৰ্টৰ পূৰ্বে আয়োজকক সমালোচনা কৰিছে অনুৰাগীয়ে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|