• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Ranveer-Deepika: দীপিকাৰ অসুস্থতাৰ মাজতে ৰণবীৰৰ সৈতে বিচ্ছেদৰ গুঞ্জন! পৃথক হ'ব নেকি ৰাম-লীলা?

Ranveer-Deepika: দীপিকাৰ অসুস্থতাৰ মাজতে ৰণবীৰৰ সৈতে বিচ্ছেদৰ গুঞ্জন! পৃথক হ'ব নেকি ৰাম-লীলা?

২০১৮ বৰ্ষৰ ১৪ নৱেম্বৰত ইটালীৰ কোমো হ্ৰদত এক অনুষ্ঠানত জাকজমককৈ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিয়া হৈছিল।

২০১৮ বৰ্ষৰ ১৪ নৱেম্বৰত ইটালীৰ কোমো হ্ৰদত এক অনুষ্ঠানত জাকজমককৈ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিয়া হৈছিল।

কিন্তু প্ৰশ্ন হ'ল, উমাইৰে কোনো ভিত্তি নোহোৱাকৈ ইমান ডাঙৰ এটা কথা টুইট কৰিলে নেকি? নে কোৱাৰ দৰে তেওঁলোকৰ মাজত সঁচাকৈ কিবা হৈছে?

  • Share this:
২০১৮ বৰ্ষৰ ১৪ নৱেম্বৰত ইটালীৰ কোমো হ্ৰদত এক অনুষ্ঠানত জাকজমককৈ ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ বিয়া হৈছিল। তেতিয়াৰ পৰা এৱাৰ্ড অনুষ্ঠানেই হওক, বা পূজা হওক, কি পিন্ধিব বলীউডৰ এই দম্পতীয়ে, হাত ধৰি কেনেকৈ আহিব, বা ভ্ৰমণৰ বাবে ক’লৈ যাব, গোটেই দেশৰ চকু তেওঁলোকৰ ওপৰত। কোৱা বাহুল্য যে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গুঞ্জন শুনিলে দেশৰ জনসাধাৰণ হতচকিত হোৱাতো স্বাভাৱিক।


কেইমাহমানৰ ভিতৰতে দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি হৈছিল দীপিকা। যদিও সঠিক কাৰণ জানিব পৰা হোৱা নাই, সূত্ৰই জনোৱা মতে, হৃদস্পন্দন বৃদ্ধি হোৱাৰ বাবে এবাৰ, আৰু এবাৰ শৰীৰত অস্বস্তিৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।

ইফালে, স্বঘোষিত চলচ্চিত্ৰ সমালোচক তথা আন্তঃৰাষ্ট্ৰীয় চেন্সৰ ব’ৰ্ডৰ সদস্য উমৈৰ সন্ধুই টুইট কৰি কয়, ‘দীপিকা আৰু ৰণবীৰৰ মাজত কিবা এটা চলি আছে।’

বাৰু, এই টুইটটো জুইৰ দৰে বিয়পি পৰিল। দেখা পোৱা গ'ল নানা মুনিৰ নানা মত।

কোনোবাই উমাইৰক গৰিহণা দি লিখিলে, "মই আপোনাক বিশ্বাস নকৰো। আপুনি কৈছিল কেটৰিণা গৰ্ভৱতী, কিন্তু ক’ত? যিটো সঁচা নহয়। ভগৱানে জানে মানুহে তোমাক কিয় বিশ্বাস কৰে!"

কোনোবাই আকৌ সন্ধুৰ কথা বিশ্বাস কৰি হাঁহিবলৈ ধৰিলে। আনহাতে, একাংশই লিখিছে, ‘দীপিকা-ৰণবীৰে দুয়োজনে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। ইটোৱে সিটোৰ সৈতে মিলে। গতিকে বিচ্ছেদৰ কথাই নাহে। কাৰোবাৰ মতে দীপিকা-ৰণবীৰৰ বিবাহ ব্যৱসায়িক সিদ্ধান্ত। সেইবোৰ ব্ৰেণ্ড। সিহঁতক পৃথক কৰা নহ’ব।’ কোনোবাই আকৌ বলীউডৰ দম্পতীৰ সম্পৰ্কক ঠাট্টা কৰিবলৈ ধৰিলে।

এনে কথাৰ মাজতে হঠাতে চৰ্চালৈ আহিল ৰণবীৰৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী। য’ত তেওঁ প্ৰয়াত আমেৰিকান ৰেপাৰ কুলিঅ’ক শ্ৰদ্ধাঞ্জলি জনায়।

দুদিনমান আগতে ৰণবীৰ এটা অনুষ্ঠানত পত্নীৰ বাবে প্ৰশংসাৰে ভৰি পৰিছিল। তেওঁ কয়, "দীপিকা আৰু মই ২০১২ চনৰ পৰা ডেটিং কৰি আছো। ২০২২ চনত আমি দহ বছৰ সম্পূৰ্ণ কৰিলোঁ।"

কিন্তু প্ৰশ্ন হ'ল, উমাইৰে কোনো ভিত্তি নোহোৱাকৈ ইমান ডাঙৰ এটা কথা টুইট কৰিলে নেকি? নে কোৱাৰ দৰে তেওঁলোকৰ মাজত সঁচাকৈ কিবা হৈছে? সকলো সময়ে উত্তৰ দিব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি