অভিনেত্ৰী অংকিতা লোখাণ্ডে (Ankita Lokhande) মাক হ'বলৈ ওলাইছে। এই বাতৰিয়ে যোৱা দুদিন ধৰি তোলপাৰ লগাই আছে মিডিয়াত। অলপতে কংগনা ৰাণাৱট (Kangana Ranaut) পৰিচালিত ৰিয়েলিটী শ্বো লক আপ (Lock Upp)ত অতিথি হিচাপে আহিছিল অংকিতা লোখাণ্ডে। তাতেই কথা প্ৰসংগত অংকিতাই মাক (Ankita Lokhande Pregnant) হ'বলৈ ওলোৱাৰ কথা কয়। এই কথাই সকলোকে স্তম্ভিত কৰি তোলে।
উল্লেখ্য যে 'পবিত্ৰ ৰিষ্টা' ধাৰাবাহিকৰ পৰা বিখ্যাত হৈ পৰা অংকিতা লোখাণ্ডেই প্ৰায়েই বাতৰিৰ শিৰোনাম দখল কৰে। অংকিতা লোখাণ্ডে আৰু বিকি জৈনে ২০২১ৰ ১৪ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। কংগনা ৰাণাৱটো বিয়াখনত উপস্থিত আছিল। গুড়ি পড়ৱাৰ দিনা অংকিতা আৰু বিকি তেওঁলোকৰ নতুন ঘৰলৈ গৈছে।
লক আপত পবিত্ৰ ৰিষ্টাৰ নতুন ছিজনৰ প্ৰমোচনৰ বাবে আহি অংকিতাই সকলোৰে আগত কয়, "মোক সকলোৱে অভিনন্দন জনাওক, মই প্ৰেগনেণ্ট। কিন্তু বিকিয়ে (Vicky Jain)ও নাজানে এই কথা।"
অংকিতাই নিজকে গৰ্ভৱতী (Ankita Lokhande Pregnant) বুলি কোৱাত কংগনা ৰাণাৱটেও আচৰিত হৈ পৰে । কিন্তু অলপ পিছতে অংকিতাই এয়া এপ্ৰিল ফুল (April Fool) আছিল বুলি কয়। অনুষ্ঠানৰ শেষত কংগনাই কয় যে এই মিছাটো যাতে সোনকালে সত্য হয়। অংকিতাইও "হয়, হয়, সোনকালেই হ'ব" বুলি বিদায় লয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|