সাধাৰণতে এগৰাকী ভাৰতীয় বিবাহিত মহিলাই সদায় আন এগৰাকী নাৰীৰ সম্পৰ্কত পৰাৰ পৰা নিজৰ স্বামীক নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰে। কিন্তু এইবাৰ দেখা হ'ল এখন বিপৰীত ছবি। অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ এগৰাকী বিবাহিতা মহিলাই পৰম্পৰাগত ৰূপত মন্দিৰত প্ৰেমিকাৰ সৈতে স্বামীৰ বিবাহ সম্পাদন কৰি দিলে।
জানিব পৰা মতে, কল্যাণ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ ডাক্কিলিৰ আম্বেদকাৰ নগৰৰ বাসিন্দা। কল্যাণ টিক-টকৰ জনপ্ৰিয় চেলিব্ৰিটি য’ত তেওঁৰ ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইউটিউব আৰু শ্বেয়াৰ চেটৰ দৰে অন্যান্য চুটি ভিডিঅ’ প্লেটফৰ্মতো তেওঁ কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে। তেওঁ কদপাৰ এগৰাকী বিমলাৰ সংস্পৰ্শলৈ আহিছিল। তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ পৰিণত হৈছিল আৰু কেইবছৰমান আগতে দুয়োৰে বিয়া হৈছিল। নেটিজেনসকলক আকৰ্ষণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সংযুক্ত প্ৰচেষ্টাৰে এই দম্পতীহালে চুটি ভিডিঅ’ প্লেটফৰ্মত বিখ্যাত হৈ পৰিছিল।
ইফালে বিমলাই লক্ষ্য কৰিলে কল্যাণৰ লগত কিবা এটা সঠিক হোৱা নাই, যাৰবাবে তেওঁ শেহতীয়াকৈ মুডী হৈ পৰিছে। হঠাতে বিশাখাপট্টনমৰ এগৰাকী অবিবাহিত মহিলা নিত্যশ্ৰীয়ে দম্পতীহালৰ সংসাৰলৈ আহি দুৱাৰত টোকৰ মাৰিলে। তদুপৰি তেওঁ আৰু কল্যাণে কিছুদিনৰ বাবে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল জনপ্ৰিয় টিক-টকত। কিছুমান কাৰণত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক ভাঙি যায় আৰু দুয়োৰে মাজত বিচ্ছেদ হৈছিল আৰু তেতিয়াৰ পৰা দুয়োৰে মাজত কোনো যোগাযোগ নাছিল।
তাৰপিছত, নিত্যশ্ৰীয়ে গম পালে যে কল্যাণ এতিয়া এজন বিবাহিত মানুহ তেওঁ কল্যাণ আৰু বিমলাক হাত মিলাই অনুৰোধ কৰিছিল কল্যাণক বিয়া কৰাবলৈ অনুমতি দিবলৈ আৰু তেওঁ বিমলাৰ সন্মুখত এটা প্ৰস্তাৱ দিলে যে তিনিওজন একেখন চালিৰ তলত থাকিব।
![]()
গুৰুত্বসহকাৰে এবাৰ চিন্তা কৰাৰ পিছত বিমলাই তেওঁৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰি পৰম্পৰাগত পদ্ধতিৰে এটা মন্দিৰত স্বামীৰ সৈতে নিত্যশ্ৰীৰ বিবাহ সম্পাদন কৰে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে তিনিওজনৰ ফটো। এই অস্বাভাৱিক ঘটনাটো তিৰুপতি জিলাৰ লগতে ইয়াৰ আশে-পাশে চৰ্চাৰ বিষয় হৈ পৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|