নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (NCB)য়ে আজি আৰিয়ান খান (Aryan Khan)ৰ সৈতে জড়িত ক্ৰুজ ড্ৰাগছ পাৰ্টিগোচৰ সন্দৰ্ভত অভিনেত্ৰী অনন্যা পাণ্ডে (Ananya Pandey)ক একেৰাহে দ্বিতীয় দিনৰ বাবে সোধা-পোছা কৰে। বৃহস্পতিবাৰে প্ৰথম দিনা সোধা-পোছা কৰাৰ পিছত এনচিবিক কেইবাটাও প্ৰমাণ পোৱা গৈছিল যাৰ পিছত অনন্যাক সোধা-পোছাৰ বাবে দ্বিতীয় দিনা এনচিবি কাৰ্যালয়লৈ আহিবলৈ কোৱা হৈছিল। এনচিবিৰ বিষয়াসকলে আজি অনন্যাক প্ৰায় চাৰি ঘণ্টা ধৰি সোধা-পোছা কৰে৷ এএনআইৰ মতে, সোমবাৰে এনচিবিক পুনৰ সোধপোছৰ বাবে অনন্যা পাণ্ডেক মাতি পঠোৱা হৈছে৷
এনচিবিৰ ডিডিজি অশোক মুথা জৈনে কৈছে যে শুক্ৰবাৰৰ কাৰ্যৰ পিছত অনন্যা পাণ্ডেক পুনৰ সোধা-পোছাৰ বাবে মাতি অনা হৈছে। তেওঁ কৈছে যে অভিনেত্ৰীগৰাকীক সোমবাৰে এনচিবি কাৰ্যালয়লৈ আহিবলৈ কোৱা হৈছে যাৰ পিছত পৰৱৰ্তী প্ৰক্ৰিয়া লোৱা হ'ব। অশোক মুথাক অনন্যাই আৰিয়ান খানে প্ৰেৰণ কৰা ড্ৰাগপেডাৰৰ সংখ্যাৰ বিষয়ে কোনো তথ্য দিছে নেকি বুলি সোধাত তেওঁ কয়, "এইবাৰ মোৰ ওচৰত কোনো তথ্য নাই।"
Published by: Kokil Sarma
FIRST PUBLISHED : October 22, 2021, 20:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।