• Home
  • »
  • News
  • »
  • entertainment
  • »
  • সামাজিক মাধ্যমত ভাইৰেল "ছফ্টৱেৰ ইঞ্জিনিয়াৰে ফোন নকৰিব,,," চৰ্তৰে দিয়া মেটৰিমনিয়েল বিজ্ঞাপন

সামাজিক মাধ্যমত ভাইৰেল "ছফ্টৱেৰ ইঞ্জিনিয়াৰে ফোন নকৰিব,,," চৰ্তৰে দিয়া মেটৰিমনিয়েল বিজ্ঞাপন

বাতৰি কাকতত কিছুমান পুৰণি মেটৰিমনিয়েল বিজ্ঞাপন ইয়াৰ অদ্ভুত সমলৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইণ্টাৰনেটত।

বাতৰি কাকতত কিছুমান পুৰণি মেটৰিমনিয়েল বিজ্ঞাপন ইয়াৰ অদ্ভুত সমলৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইণ্টাৰনেটত।

বাতৰি কাকতত কিছুমান পুৰণি মেটৰিমনিয়েল বিজ্ঞাপন ইয়াৰ অদ্ভুত সমলৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইণ্টাৰনেটত।

  • Share this:
ইণ্টাৰনেটে মানুহৰ জীৱন বহু পৰিমাণে সহজ কৰি তুলিছে। শিক্ষাৰ পৰা আৰম্ভ কৰি ব্যৱসায়, যোগাযোগ, বিত্তীয় লেনদেন আৰু আন বহুতো কাম ইণ্টাৰনেটে বৰ্তমান বহু সহজ আৰু দ্ৰুত কৰিছে। ইণ্টাৰনেটৰ ফলত ডিজিটেল মাধ্যম খুব প্ৰসাৰিত ও প্ৰচাৰিত হৈছে। এতিয়াৰ সময়ত বিশ্বৰ প্ৰায়সংখ্যক লোকেই ইয়াৰ বিষয়ে জ্ঞাত আৰু ইয়াক ব্যৱহাৰ কৰে।

ডিজিটেল মাধ্যমৰ সহায়ত এটা বাতৰি ১ ছেকেণ্ডতে পৃথিৱীৰ এটা মূৰৰ পৰা আনটো মূৰলৈকে পায়। বিশ্বৰ যিকোনো ঠাইতে থকা এজন ব্যক্তিয়ে ইয়াৰ বহু মাইল দূৰৈত থকা জনৰ সৈতে বাৰ্তালাপ কৰিব পাৰে যি লিখিত, মৌখিক অথবা ভিডিঅ’যোগে হ’ব পাৰে। আজিৰ সময়ত ই মানুহক এক নতুন যুগলৈ নিছে। সকলো ডিজিটেলকৰণ কৰা হৈছে আৰু ইয়ে মানুহক সময়ৰ সৈতে সমানে খোজ দিয়াত সহায় কৰিছে লগতে মানুহৰ জীৱনযাপন পদ্ধতিৰ কিছু পৰিমাণে হ’লেও উন্নত কৰাত সহায়ক হৈছে।

ডিজিটেলকৰণে এতিয়া মানুহৰ জীৱন সংগী বিচৰাৰ প্ৰক্ৰিয়াও সলনি কৰিছে। বাতৰি কাকতত কিছুমান পুৰণি মেটৰিমনিয়েল বিজ্ঞাপন ইয়াৰ অদ্ভুত সমলৰ বাবে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ইণ্টাৰনেটত। এইবাৰ সমীৰ আৰোৰা নামৰ লোক এজনে সামাজিক মাধ্যম টুইটাৰত দিয়া পোষ্টত এখন বাতৰিকাকতৰ কাটিং আপলোড কৰিছে য'ত দৰাৰ বাবে দিয়া এক বিজ্ঞাপন খুব ভাইৰেল হৈছে।



বিজ্ঞাপন অনুসৰি, দৰা এজন আইএএছ/আইপিএছ; কৰ্মৰত চিকিৎসক (পিজি); উদ্যোগপতি/ব্যৱসায়ী হ'ব লাগিব। এই প্ৰয়োজনীয়তাৰ উপৰিও বিজ্ঞাপনটোৰ শেষত এক বিশেষ নিৰ্দেশনা আছে য’ত ছফ্টৱেৰ ইঞ্জিনিয়াৰক ফোন নকৰিবলৈ অনুগ্ৰহ কৰা হৈছে। এজন ব্যক্তি যিয়ে উক্ত বিজ্ঞাপনটো শ্বেয়াৰ কৰিছে তেওঁ ব্যংগাত্মকভাৱে অৰ্থাৎ কৌতুক কৰি নিজৰ পোষ্টোত লিখে যে "তথ্য প্ৰযুক্তিৰ (IT) ভৱিষ্যত ইমান ভাল দেখা নাযায়।"

বাতৰিকাকতখনত থকা বিজ্ঞাপনৰ ফটোখন বৰ্তমান দ্ৰুত গতিত বিয়পি পৰিছে। বিভিন্নজনে এই বিজ্ঞাপনটোক লৈ বিভিন্ন ব্যমগাত্মক মন্তব্য কৰা দেখা গৈছে।
Published by:Sehnaz Begum
First published: