• Home
  • »
  • News
  • »
  • entertainment
  • »
  • আয়ান মুখাৰ্জীক লৈ ‘অসন্তুষ্ট’ আছিল 'অমিতাভ বচ্চন'; ‘সতৰ্কবাণী’ দিছিল যে কৰণ জোহৰৰ 'ব্ৰহ্মাস্ত্ৰ' দুৰ্যোগ হ’ব পাৰে

আয়ান মুখাৰ্জীক লৈ ‘অসন্তুষ্ট’ আছিল 'অমিতাভ বচ্চন'; ‘সতৰ্কবাণী’ দিছিল যে কৰণ জোহৰৰ 'ব্ৰহ্মাস্ত্ৰ' দুৰ্যোগ হ’ব পাৰে

‘অমিতাভ বচ্চন যি এজন অতি নিয়মানুৱৰ্তী তথা অনুশাসিত অভিনেতা, তেওঁ আয়ান মুখাৰ্জীৰ পলম হোৱা সূচী আৰু ৰিশ্বুটত বৰ সন্তুষ্ট নাছিল।

‘অমিতাভ বচ্চন যি এজন অতি নিয়মানুৱৰ্তী তথা অনুশাসিত অভিনেতা, তেওঁ আয়ান মুখাৰ্জীৰ পলম হোৱা সূচী আৰু ৰিশ্বুটত বৰ সন্তুষ্ট নাছিল।

ৰণবীৰ আৰু আলিয়াই প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিব 'ব্ৰহ্মাস্ত্ৰ'ত। ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন।

  • Share this:
আলিয়া ভট্ট আৰু ৰণবীৰ কাপুৰ অভিনীত ছবি 'ব্ৰহ্মাস্ত্ৰ: পাৰ্ট ৱান শিৱ' অন্যতম প্ৰতীক্ষিত চিনেমা। ইয়াৰ উপৰিও অমিতাভ বচ্চন, দক্ষিণৰ ছুপাৰষ্টাৰ নাগাৰ্জুন আৰু জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী মৌনী ৰায়েও মূল চৰিত্ৰত অভিনয় কৰিছে। অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময়তে এতিয়া প্ৰকাশ পাইছে যে 'ব্ৰহ্মাস্ত্ৰ'ৰ চিত্ৰগ্ৰহণ কৰি থকাৰ সময়তে বিগ বিয়ে পৰিচালক আয়ান মুখাৰ্জীক লৈ ‘অতি বিচলিত’ হৈ পৰিছিল।

BollywoodLife.com ৰ উদ্ধৃতিৰে এক সূত্ৰই দাবী কৰিছে যে আয়ানৰ পলম হোৱা সূচী আৰু ৰিশ্বুটত অমিতাভ বচ্চনে বিচলিত হোৱাৰ খবৰ আহিছে। কেৱল এয়াই নহয় সূত্ৰটোৱে লগতে দাবী কৰিছে যে বিগ বিয়ে কৰণ জোহৰক কৈছিল যে যদি এনেদৰে চলি থাকে তেন্তে ব্ৰহ্মাস্ত্ৰ ‘দুৰ্যোগ’ হ’ব।

‘অমিতাভ বচ্চন যি এজন অতি নিয়মানুৱৰ্তী তথা অনুশাসিত অভিনেতা, তেওঁ আয়ান মুখাৰ্জীৰ পলম হোৱা সূচী আৰু ৰিশ্বুটত বৰ সন্তুষ্ট নাছিল। এটা সময়ত অভিনেতাগৰাকী আয়ানৰ পৰা ভাগৰি পৰিছিল আৰু অতিশয় বিচলিত হৈছিল যে তেওঁ আনকি ছবিখনৰ প্ৰযোজক কৰণ জোহৰক লগ কৰি কৈছিল যে আয়ানে সময় নষ্ট কৰিছে আৰু তেওঁ ছবিখনত ধন বিনিয়োগ কৰাটো বন্ধ কৰিব লাগেণ কিয়নো আয়ানৰ নিচিনা বেগত ছবিখনলৈ গৈ থাকিলে দুৰ্যোগ হ’ব পাৰে।" বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।

কিন্তু মনোৰঞ্জন প’ৰ্টেলটোৱে উদ্ধৃত কৰা সূত্ৰটোৱে লগতে দাবী কৰিছে যে অমিতাভ বচ্চন এতিয়া ‘অতি আশাবাদী’ যে ছবিখনে বক্স অফিচত ভাল কাম কৰিব। তেওঁ লগতে কয়, ‘এতিয়া অমিতাভ বচ্চন অতি আশাবাদী যে ছবিখনে বক্স অফিচত কাম কৰে আৰু প্ৰতিজন অভিনেতাই ছবিখনত অতি অতি কঠোৰ পৰিশ্ৰম কৰিছিল আৰু তেওঁলোকৰ পাঁচটা দীঘলীয়া বছৰক লক্ষ্য কৰিছিল।

ৰণবীৰ আৰু আলিয়াই প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিব 'ব্ৰহ্মাস্ত্ৰ'ত। ৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব ছবিখন। শেহতীয়াকৈ খবৰ ওলাইছিল যে বয়কট ট্ৰেণ্ড থকাৰ পিছতো ছবিখনে টিকট বিক্ৰী মুকলি হোৱাৰ প্ৰথম দিনাই ভাল এডভান্স বুকিং ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। ট্ৰেড এনালাইষ্ট তৰণ আদৰ্শই একেখিনি কথা প্ৰকাশ কৰি লগতে কয় যে 'ব্ৰহ্মাস্ত্ৰ'ই ইতিমধ্যে ১০ হাজাৰৰো অধিক টিকট বিক্ৰী কৰিছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি