মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Evergreen Couple অমিতাভ-জয়াৰ ৪৮ সংখ্যক বিবাহবাৰ্ষিকী ! বিয়াৰ দুখন পুৰণি ফটো শ্বেয়াৰ কৰি বিগ বিয়ে মনত পেলালে সেই বিশেষ দিনটোৰ কথা...

Evergreen Couple অমিতাভ-জয়াৰ ৪৮ সংখ্যক বিবাহবাৰ্ষিকী ! বিয়াৰ দুখন পুৰণি ফটো শ্বেয়াৰ কৰি বিগ বিয়ে মনত পেলালে সেই বিশেষ দিনটোৰ কথা...

৪৭ টা বছৰ অতিক্ৰম কৰিলে বলীউডৰ অন্যতম যুটি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বিবাহে। ৪৮ সংখ্যক বিবাহবাৰ্ষিকীত দুয়োৰে এখন সুন্দৰ ছবি ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতেই বিগ বিৰ সেই বিশেষ পোষ্টত দেখা গ'ল অনুৰাগীৰ ব্যাপক সঁহাৰি।

৪৭ টা বছৰ অতিক্ৰম কৰিলে বলীউডৰ অন্যতম যুটি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বিবাহে। ৪৮ সংখ্যক বিবাহবাৰ্ষিকীত দুয়োৰে এখন সুন্দৰ ছবি ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতেই বিগ বিৰ সেই বিশেষ পোষ্টত দেখা গ'ল অনুৰাগীৰ ব্যাপক সঁহাৰি।

৪৭ টা বছৰ অতিক্ৰম কৰিলে বলীউডৰ অন্যতম যুটি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ বিবাহে। ৪৮ সংখ্যক বিবাহবাৰ্ষিকীত দুয়োৰে এখন সুন্দৰ ছবি ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতেই বিগ বিৰ সেই বিশেষ পোষ্টত দেখা গ'ল অনুৰাগীৰ ব্যাপক সঁহাৰি।

  • Share this:
বলীউডৰ বিগ বি অমিতাভ বচ্চন (Amitabh Bachchan) আৰু জয়া বচ্চনৰ আজি ৪৮ সংখ্যক বিবাহবাৰ্ষিকী। বিগত ৪৭ টা বছৰে ঘটি থকা উত্থান-পতন, সুখ-দুখ আৰু জীৱনৰ কাহিনীৰ সমান্তৰালকৈ যেন আগবাঢ়িছিল এই সম্পৰ্ক। এই দীঘলীয়া সময়ত দুয়ো-দুয়োৰে বাবে সাহস আৰু সংগ্ৰামৰ প্ৰতীক হিচাপে থিয় দিছিল প্ৰতিনিয়ত। ৪৮ সংখ্যক বিবাহবাৰ্ষিকীত,দুয়োৰে এখন পুৰণি আৰু অত্যন্ত ধুনীয়া ছবি ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ পাছতেই বিগ বিৰ সেই বিশেষ পোষ্টত দেখা গ'ল অনুৰাগীৰ ব্যাপক সঁহাৰি। অনুৰাগীসকলে এই বিশেষ ফটোখনত নিজৰ প্ৰিয় অভিনেতাগৰাকীক নিৰন্তৰ মন্তব্য দিয়াৰ লগতে শুভকামনা জনাইছে।

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত অমিতাভ বচ্চনে দুখন ধুনীয়া ফটোৰ এটা ক'লাজ তৈয়াৰ কৰি লিখিছিল, 'জুন ৩, ১৯৭৩... আমাৰ এই বিশেষ দিনটোত অভিনন্দন জনোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।' অমিতাভ বচ্চনৰ এই পোষ্টত বহু চেলিব্ৰেটিৰ লগতে অনুৰাগীয়ে মন্তব্য কৰাৰ লগতে দুয়োৰে বিবাহ বাৰ্ষিকীৰ দিনটোত জনাইছে অলেখ-অযুত শুভকামনা। অভিনেত্ৰী শিল্পা চেট্টীয়ে পোষ্টটোত মন্তব্য কৰি লিখিছে, 'শুভ বিবাহ বাৰ্ষিকী অমিতাভ বচ্চনজী আৰু জয়া আণ্টি। আগন্তুক বৰ্ষসমূহতো এইদৰে থাকক আপোনালোক দুয়োৰে মৰম আৰু ভালপোৱা।'



অমিতাভ বচ্চন আৰু জয়া বচ্চন দম্পতীয়ে কেইবাখনো চলচ্চিত্ৰত একেলগে কাম কৰিছে। ইয়াৰ ভিতৰত আছিল চুপকে-চুপকে, অভিমান, চিলচিলা, মিলিৰ দৰে চলচ্চিত্ৰ। ইয়াৰ পাছত তেওঁলোকক 'কভি খুশী কভি গম' আৰু 'কি এণ্ড কা' আদি চলচ্চিত্ৰত পতি-পত্নীৰূপে দেখা গৈছে। বৰ্তমান অমিতাভ বচ্চন ব্ৰহ্মাস্ত্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে। ইয়াৰ উপৰিও, তেওঁৰ অনুষ্ঠান 'কৌন বনেগা কৰোড়পতি' টিভিত আৰম্ভ হৈছে ৷ অমিতাভ বচ্চন আৰু বলীউডৰ মাজত প্ৰায় ৫২ বছৰীয়া সম্পৰ্ক গঢ়ি উঠিছে (52years of Amitabh Bachchan in Bollywood)৷ কেইদিনমান পূৰ্বে তেওঁ অনুৰাগীসকলৰ সৈতে এই সুন্দৰ যাত্ৰাৰ বিষয়ে ছ'চিয়েল মিডিয়াত (Social Media) এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছিল। বিগ বিৰ এই পোষ্টটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বিগ বিয়ে প্ৰতিবছৰে ছ'চিয়েল মিডিয়াত তেওঁৰ অন্যতম শ্ৰেষ্ঠ চৰিত্ৰৰ ফটো থকা এটা পোষ্ট শ্বেয়াৰ কৰিছিল। সাত হিন্দুস্তানীৰ পৰা এই বছৰ মুক্তি পোৱা মেইডলৈকে, প্ৰতিখন ছবিৰে লুক অমিতাভ বচ্চনে (Amitabh Bachchan)নিজ পোষ্টত তুলি ধৰে। তেওঁ পোষ্টটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল: '৫২ বছৰ...!!! ভাল।। এই সংকলনৰ বাবে ধন্যবাদ ... এতিয়াও এইবোৰ ভাবি আচৰিত হৈছো কেনেকৈ এই সকলোবোৰ হ'ল।'

শেহতীয়া বাতৰি