বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চন আঘাতপ্ৰাপ্ত। ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় বিগ বি। তেওঁ একশ্যন ছিকুৱেঞ্চৰ শ্বুটিং কৰি আছিল। তেওঁ কামিহাড়ত আঘাত পাইছে বুলি জানিব পৰা গৈছে। শ্বাস–প্ৰশ্বাসত কষ্ট পাইছে প্ৰখ্যাত অভিনেতাগৰাকীয়ে। অমিতাভ বচ্চনৰ আঘাতৰ বাবে বাতিল কৰা হয় শ্বুটিং। অভিনেতাগৰাকীক হায়দৰাবাদৰ এআইজি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
চিটি স্কেন আৰু চিকিৎসকৰ পৰামৰ্শৰ পিছত ঘৰলৈ উভতিছে অমিতাভ বচ্চন। চিকিৎসকে দীঘলীয়া জিৰণিৰ পৰামৰ্শ দিছে তেওঁক। আঘাতৰ বাবে লৰ–চৰ কৰাৰ লগতে শ্বাস–প্ৰশ্বাসত কষ্ট হোৱা বুলি জানিব পৰা গৈছে। সুস্থ হৈ উঠিবলৈ এসপ্তাহৰ সময় লাগিব বুলি জানিব পৰা গৈছে।
যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ বাবে তেওঁক ঔষধ ব্যৱহাৰ কৰিব লাগিব। বিগ বিৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান শ্বুটিং বাতিল কৰা হৈছে। এতিয়া বিগ বি সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠালৈ শ্বুটিং স্থগিত ৰখা হ’ব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 06, 2023, 13:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।