মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে সম্পূৰ্ণ কৰিলে ৮০ বছৰ

বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে সম্পূৰ্ণ কৰিলে ৮০ বছৰ

বলীউডত অমিতাভ বচ্চনে ৭০ৰ দশকৰ পৰা বৰ্তমানলৈ নিজৰ দপদপনি অব্যাহত ৰাখিছে।

বলীউডত অমিতাভ বচ্চনে ৭০ৰ দশকৰ পৰা বৰ্তমানলৈ নিজৰ দপদপনি অব্যাহত ৰাখিছে।

বলীউডত অমিতাভ বচ্চনে ৭০ৰ দশকৰ পৰা বৰ্তমানলৈ নিজৰ দপদপনি অব্যাহত ৰাখিছে।

  • Share this:
বলীউডৰ অভিনেতা অমিতাভ বচ্চনে আজি গৰকিলে ৮০টা বছৰ।


তেওঁৰ জন্ম ১৯৪২ চনৰ ১১ অক্টোবৰত এলাহাবাদত হৈছিল।


তেখেতৰ দেউতাক হৰিবন্স ৰায় বচ্চন হিন্দী ভাষাৰ এজন প্ৰখ্যাত কবি তথা সাহিত্যিক আছিল। অমিতাভৰ মাতৃ এগৰাকী সমাজকৰ্মী আছিল।


বলীউডত অমিতাভ বচ্চনে ৭০ৰ দশকৰ পৰা বৰ্তমানলৈ নিজৰ দপদপনি অব্যাহত ৰাখিছে। বিভিন্ন চৰিত্ৰত অভিনয় কৰি তেখেতে দেশ–বিদেশৰ কোটি কোটি মানুহৰ মন জয় কৰিছে।


তেওঁৰ ব্যক্তিগত চৰিত্ৰ অত্যন্ত শক্তিশালী আৰু তেওঁৰ কলা উপস্থাপন সুন্দৰ তথা উত্তম হোৱা বাবে এতিয়াও পৰিচালকসকলে নিজৰ ফিল্মত তেওঁক স্বাক্ষৰ কৰিবলৈ শাৰী পাতি থাকে। তেওঁৰ পত্নী জয়া বচ্চন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা ৰাজ্য সভাৰ সাংসদ হয়।


১৯৭৫ চনৰ ৰমেশ চিপ্পিৰ কাল্ট ছবি 'শ্ব'লে'ৰ পৰা ৪৭ বছৰৰ পিছত আয়ান মুখাৰ্জীৰ ছবি ব্ৰহ্মাস্ত্ৰত অমিতাভে অভিনয় কৰিছে। ‘বিগ বি’ বুলি খ্যাত অমিতাভৰ দুটি সন্তান আছে। তেওঁৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনো এগৰাকী অভিনেত্ৰী হয়। অমিতাভৰ মুঠ তিনিগৰাকী নাতি–নাতিনী আছে।

শেহতীয়া বাতৰি