মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »বিতৰ্কৰ মাজতে আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু বহুকেইটা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল

বিতৰ্কৰ মাজতে আগন্তুক নাট্যবৰ্ষৰ বাবে সাজু বহুকেইটা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল

নতুন পৰিকল্পনাৰে মঞ্চত প্ৰতিটো নাট্যদলে দিব নতুন চমক

নতুন পৰিকল্পনাৰে মঞ্চত প্ৰতিটো নাট্যদলে দিব নতুন চমক

নতুন পৰিকল্পনাৰে মঞ্চত প্ৰতিটো নাট্যদলে দিব নতুন চমক

  • Share this:
    বিশ্বত বিৰল অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ। আগন্তুক নাট্যবৰ্ষৰ বাবে এতিয়া প্ৰতিটো নাট্যদলে চলাইছে পূৰ্ণ প্ৰস্তুতি। বিগত বহুকেইদিন ধৰি বিতৰ্কৰ মাজত সোমাই পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ ভবিষ্যতকলৈও এতিয়া বিভিন্নজনে বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে। বৰদৈচিলা থিয়েটাৰৰ পৰা অভিনেত্ৰী প্ৰাঞ্জনা দত্তক পত্যাখান কৰাৰ পিছত অভিনেতা ৰবি শৰ্মাইও বিভিন্ন সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰচৰাত চলি থকা বিভিন্ন আসোঁৱাহ সমূহ আঙুলীয়াই দি মুকলিকৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে।

    কিন্তু তাৰ মাজতো অসমৰ সাংস্কৃতিক জগত খনৰ অন্যতম চানেকী, অসমীয়া ছবিৰ দুৰ্দিনৰ সময়ত ৰাজ্যৰ সাংস্কৃতিক কৰ্মীসকলক কাম কৰিবলৈ প্ৰেৰণা যোগোৱা ভ্ৰাম্যমাণ থিয়েটাৰক এতিয়াও অসমবাসীৰ অন্যতম স্বাভীমানৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।

    জুলাই–আগষ্ট মাহৰ পৰা আকৌ আগন্তুক নাট্যবৰ্ষৰ বাবে আখৰা আৰম্ভ কৰিব প্ৰতিটো নাট্যগোষ্ঠীয়ে। ইতিমধ্যে প্ৰতিটো নাট্যদলে পৰিবেশন কৰিবলগীয়া নাটক আৰু অভিনয় শিল্পী চুড়ান্ত কৰিছে।

    ৰাজমুকুট থিয়েটাৰ


    আগন্তুক নাট্যবৰ্ষত ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হৈছে অভিনেত্ৰী প্ৰাঞ্জনা দত্ত, অভিনেতা ৰাজকুমাৰ,কপিল পৰা আদিৰ দৰে শিল্পী।

    আৱাহন থিয়েটাৰ


    আগন্তুক নাট্যবৰ্ষত আৱাহন থিয়াটাৰৰ মঞ্চত প্ৰস্তুতি পৰাশৰে। ইতিমধ্যে নাটযদলটোৱে চুড়ান্ত কৰা ‘মেমচাহাব’ নাটক খনে দৰ্শকৰ মাজত লাভ কৰিছে ব্যাপক চৰ্চা।

    বৃন্দাবন থিয়েটাৰ


    আগন্তুক নাট্যবৰ্ষত বৃন্দাবন থিয়েটাৰৰ মঞ্চত দেখা যাব বিশিষ্ট অভিনেতা তপন দাস, চিন্ময় কটকীৰ দৰে অভিনেতাক

    হেঙুল থিয়েটাৰ


    আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখা যাব অভিনেতা প্ৰসেনজীতক। ইতিমধ্যে নাট্যদলটোৱে চুড়ান্ত কৰা বাহাদুৰ নাটকখনে ব্যাপক চৰ্চা লাভ কৰিছে।

    থিয়েটাৰ সূৰ্য


    ২০১৯–২০ নাট্যবৰ্ষত সৰ্য থিয়েটাৰৰ মঞ্চত দেখা যাব ভ্ৰাম্যমাণৰ বলিষ্ট অভিনেতা মৃদুল চুতীয়া, সঞ্জীৱ শৰ্মাৰ দৰে অভিনেতাই।

    কহিনুৰ থিয়েটাৰ


    থিয়েটাৰ ভাগ্যদেৱী

    শেহতীয়া বাতৰি