• Home
  • »
  • News
  • »
  • entertainment
  • »
  • আলিয়া ভাটে জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটক এনেকৈ জনালে জন্মদিনৰ প্ৰীতিভৰা শুভেচ্ছা

আলিয়া ভাটে জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটক এনেকৈ জনালে জন্মদিনৰ প্ৰীতিভৰা শুভেচ্ছা

জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটৰ সৈতে আলিয়া ভাট

জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটৰ সৈতে আলিয়া ভাট

শেহতীয়াকৈ আলিয়া ভাটে ৰণবীৰ কাপুৰৰ সৈতে তেওঁলোকৰ নৱজাতকক সংসাৰলৈ আদৰণি জনাইছে। যোৱা সপ্তাহত ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল যে তেওঁৰ কন্যাৰ নাম ৰাহা।

  • Share this:
আলিয়া ভাট সঁচাকৈয়ে জ্যেষ্ঠ ভগ্নী শ্বাহীন ভাটৰ সৈতে ঘনিষ্ঠ আৰু দুয়োগৰাকীয়ে এগৰাকীয়ে আনগৰাকীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰাৰ সুযোগ কেতিয়াও এৰি নিদিয়ে। মহেশ ভাটৰ দুই কন্যা শ্বাহীনে ভগ্নী আলিয়াৰ সৈতে আজি জন্মদিন উদযাপন কৰিছে, আৰু আশা কৰা ধৰণে আলিয়াই তেওঁৰ বাবে আটাইতকৈ মৰমলগাকৈ শুভেচ্ছা জনাইছে। ব্ৰহ্মাস্ত্ৰৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত গৈ চলিত বৰ্ষৰ আৰম্ভণিতে ৰণবীৰ কাপুৰৰ সৈতে হোৱা বিবাহৰ সময়ৰ শ্বাহীনৰ সৈতে থকা দুখনমান ফটো শ্বেয়াৰ কৰে।

প্ৰথম ফটোখনত আলিয়া আৰু শ্বাহীনে এগৰাকীয়ে আনগৰাকীৰ হাতত ধৰি নাক চুই থকা দেখা গৈছে এক মৰমলগা ইংগিতেৰে। এই ফটোখন আলিয়াৰ বিয়াৰ সময়ত তোলা। দ্বিতীয়খন ফটোত আলিয়াই ভনীয়েকক সাৱটি ধৰে। এই ফটো হয়তো আলিয়াৰ মেহেন্দী অনুষ্ঠানত লোৱা হৈছে।

ফটোবোৰ শ্বেয়াৰ কৰি আলিয়াই লিখিছে, “happy birthday to the BEST person ever .. my sweetie .. my little melon smiggle pop 😘😘I love you so much that no amount of cute and sweet sounding words will ever be enough 😭😭😭😭💗💗💗💗💗Okay bye calling you in one hour 💛💛💛"

পোষ্টটো চাওকঃ



শেহতীয়াকৈ আলিয়া ভাটে ৰণবীৰ কাপুৰৰ সৈতে তেওঁলোকৰ নৱজাতকক সংসাৰলৈ আদৰণি জনাইছে। যোৱা সপ্তাহত ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল যে তেওঁৰ কন্যাৰ নাম ৰাহা। নিউজ১৮ৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত, কেঁচুৱাটোৰ জন্মৰ পূৰ্বে শ্বাহীনে প্ৰকাশ কৰে যে তেওঁ শিশুটিক চাবলৈ উত্ৰাৱল হৈ পৰিছে।

আনহাতে, ৱৰ্ক ফ্ৰণ্টত আলিয়া ভাটক শেষবাৰৰ বাবে ব্ৰহ্মাস্ত্ৰত দেখা গৈছিল অভিনেতা-স্বামী ৰণবীৰ কাপুৰৰ সৈতে। অভিনেত্ৰীগৰাকীৰ কেইবাটাও আকৰ্ষণীয় প্ৰজেক্ট লাইন আপ কৰা হৈছে। হাৰ্ট অৱ ষ্টোনছ ছবিৰ জৰিয়তে হলিউডত অভিষেক ঘটাব আলিয়াই। ইয়াৰ উপৰিও তেওঁ গালি বয়ৰ সহ অভিনেতা ৰণবীৰ সিঙৰ সৈতে কৰণ জোহৰৰ ছবি ৰকি আৰু ৰাণী কি প্ৰেম কাহানীৰ বাবেও পুনৰ মিলিত হ’ব। ইয়াৰ পিছত প্ৰিয়ংকা চোপ্ৰা আৰু কেটৰিনা কাইফৰ সৈতে জি লে জাৰাত দেখা যাব।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি