অনলাইন বা ৰেষ্টুৰেণ্টত অৰ্ডাৰ দিয়া খাদ্যৰ আমি যিমানেই সোৱাদ নলওঁ কিয়, ঘৰতে বনোৱা কিছুমান খাদ্য (Home Made Food)ৰ সোৱাদ আমাৰ বাবে মিঠা অমৃতৰ দৰে। আনকি চেলিব্ৰিটিসকলেও এই কথা অস্বীকাৰ কৰিব নোৱাৰে। নকইনা অভিনেত্ৰী আলিয়া ভাট্ট (Alia Bhatt)ৰ ক্ষেত্ৰটো একেই।
শেহতীয়াকৈ আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত আঙুলি চেলেকি খাব পৰা খাদ্য, ভাৰতীয় পাকঘৰত অত্যন্ত সাধাৰণভাৱে দেখা পোৱা দাইল-ভাত (Dal-Chawal)ৰ প্ৰতি থকা তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে: আলিয়াই কি কৈছে চাওঁ আহক।
![]()
ব্ৰহ্মাস্ত্ৰৰ অভিনেত্ৰীগৰাকীয়ে দাইল-ভাতৰ প্লেট এখনৰ ফটো শ্বেয়াৰ কৰে, আধা খোৱা আৰু কাষত চামুচ এখন থিয়কৈ থোৱা আছে আৰু ফ্ৰেমৰ পৰা ৰং আৰু টেক্সাৰবোৰ ওলাই আহিছে। কেপচনত আলিয়াই লিখিছে, “দাইলভাতৰ দৰে একোৱেই নাই। একো নাই!"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|