உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • বন্ধুৰ সৈতে নিশা দেৰিলৈকে বাহিৰত জীয়ৰি ন্যাসা, অজয় দেৱগনে কৰিলে এইটো কাম, কাজলে ক’লে...

    বন্ধুৰ সৈতে নিশা দেৰিলৈকে বাহিৰত জীয়ৰি ন্যাসা, অজয় দেৱগনে কৰিলে এইটো কাম, কাজলে ক’লে...

    ১৯৯৯ চনত বলিউড অভিনেতা অজয় দেৱগনে কাজলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কাজলে অভিনেতাজনৰ প্ৰসংগত কিছু প্ৰশ্নৰ উত্তৰ দিয়ে।

    ১৯৯৯ চনত বলিউড অভিনেতা অজয় দেৱগনে কাজলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কাজলে অভিনেতাজনৰ প্ৰসংগত কিছু প্ৰশ্নৰ উত্তৰ দিয়ে।

    ১৯৯৯ চনত বলিউড অভিনেতা অজয় দেৱগনে কাজলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। শেহতীয়াকৈ এটা সাক্ষাৎকাৰত কাজলে অভিনেতাজনৰ প্ৰসংগত কিছু প্ৰশ্নৰ উত্তৰ দিয়ে।

    • Share this:
    বলিউড অভিনেতা অজয় দেৱগনে নিজৰ কেৰিয়াৰত বহুকেইখন চুপাৰহিট ছবি উপহাৰ দিছে। একচন ধৰ্মী ছবিৰে বিশেষ ইমেজ গঢ়ি তোলা তাৰকাগৰাকীয়ে ১৯৯৯ চনত অভিনেত্ৰী কাজলৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। দুয়োৰে দুটি সন্তান আছে জীয়ৰি ন্যাসা আৰু পুত্ৰ যুগ।

    অলপতে মুম্বাইৰ বিখ্যাত মাৰাঠা মন্দিৰ থিয়েটাৰত টুইংকল খান্নাৰ সৈতে কাজলে মিলিত হোৱা আলাপ আলোচনা ইউটিউবত শ্বেয়াৰ কৰা হৈছিল। টুইংকলে কাজলক সুধিছিল যে অজয়ে নিজৰ দায়িত্ব আৰু খৰছ কেনেকৈ শ্বেয়াৰ কৰে?

    কাজলে উত্তৰ কয়, ‘মই এইটোৱে কও যে অজয়ে মোৰ সঁচাকৈ বহুত সহায় কৰে আৰু তেওঁ যথেষ্ট শান্ত স্বভাৱৰ। পুৱা যদি মই যুগৰ স্কুলৰ কাৰণে ৭ বজাত উঠিব লাগে আধা সময় তেওঁ উঠে আৰু তাৰ সৈতে সময় কটায়। ল’ৰাটোৰ ব্ৰেকফাষ্ট প্ৰস্তুত কৰে স্কুললৈ পঠিয়ায়। মই সদায় উঠিব নালাগে। মুঠতে অজয় একেবাৰে পাৰফেক্ট আৰু মোক সকলোফালৰ পৰা সহায় কৰে।’

    ন্যাসা দেৱগনৰ কথা কৈ কাজলে কয়,  ‘যদি কেতিয়াবা তাই সময়তকৈ বেছি দেৰিলৈ বাহিৰত থাকে তেওঁ তাইৰ কাৰণে গোটেই ৰাতি অপেক্ষা কৰে। আনকি তাই আহি পোৱাৰ পিছত গেট পৰ্যন্ত খুলি দিয়ে। এই সকলোবোৰ আমাৰ ঘৰত কেৱল তেওঁ কৰে। এটা সময়ত আমি ন্যাসাক ছিংগাপুৰৰ বৰ্ডিং স্কুললৈ পঠিয়াই দিছিলো। কিন্তু প্ৰথমতে আমাৰ মনতো দ্বিধা আছিল।’

    কাজলৰ কথা প্ৰসংগত টুইংকল খান্নাই সহমত প্ৰকাশ কৰি কয়, ‘আমি এনেকুৱাই হ’ব লাগিব। বেলেগ লিংগৰ মানুহে যাতে নিজকে অন্য গ্ৰহৰ প্ৰাণী হিচাপে ভাবিবলৈ নলয়।’

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    First published: