
‘চেমখৰ’ নিৰ্মাণৰ সৈতে জড়িত আৰু ছবিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
‘চেমখৰ’ নিৰ্মাণৰ সৈতে জড়িত আৰু ছবিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
গোৱাত অনুষ্ঠিত সদ্যসমাপ্ত ৫২সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ দ্বাৰা অভিনীত আৰু পৰিচালিত ডিমাচা চলচিত্ৰ ‘চেমখৰ’লৈ Special Mention সন্মান আগবঢ়োৱা হৈছে। এইবাৰ গোৱাত অনুষ্ঠিত ৫২সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ইণ্ডিয়ান পেনোৰামাত প্ৰথম ছবি হিচাপে প্ৰদৰ্শিত আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত ‘চেমখৰ’লৈ Special Mention সন্মান আগবঢ়োৱা হৈছে।
ডিমাচা ভাষাৰ এই চলচিত্ৰখনৰ বিষয়ে ৫২সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুস্থানত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিশেষ উল্লেখ কৰি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জনগোষ্ঠীয় চিন্তা আৰু সংস্কৃতিক বিশেষভাৱে গুৰুত্ব দিয়াৰ সময়ত অসমৰ এটা জনগোষ্ঠীৰ ওপৰত নৱাগত পৰিচালক আইমী বৰুৱাই এখন চলচিত্ৰ নিৰ্মাণ কৰাটো এক গৌৰৱৰ বিষয়।
কাক ভাল পাওঁ বুলি ক’ব দীপলিনা ডেকাই? চাওক আকৰ্ষণীয় ভিডিঅ’মন্ত্ৰীগৰাকীয়ে পৰিচালক–অভিনেত্ৰী আইমী বৰুৱাক ‘চেমখৰ’ চলচিত্ৰৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আনহাতে, চলচিত্ৰখন নিৰ্মাণ কৰাৰ সময়ত কৰা অশেষ কষ্ট আৰু ত্যাগৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিচালক গৰাকীক প্ৰশংসা কৰে।ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত ৫২সংখ্যক ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত Special Mention সন্মান লাভ কৰি পৰিচালক, অভিনেত্ৰী আইমী বৰুৱাই এই সন্মান উত্তৰ-পূব ভাৰতৰ সকলোৰে নামত উচছৰ্গা কৰে। ‘চেমখৰ’ নিৰ্মাণৰ সৈতে জড়িত আৰু ছবিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
আকৰ্ষণীয় ৰূপত মোহময়ী প্ৰিয়ংকা ভৰালী, আকৰ্ষণীয় নৃত্য দেখি এজনে ক’লে...Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|