বলীউড তাৰকা বিকি কৌশল আৰু কেটৰিণা কাঈফৰ বিয়াৰ বিষয়ে এতিয়া পূৰ্ণ গতিত আলোচনা চলি আছে ছচিয়েল মিডিয়াত। ৰাজস্থানৰ চৱাই মাধোপুৰ জিলাৰ ছিক্স চেঞ্চ বৰৱাৰা ফৰ্ট হোটেলত (Six Senses Fort Barwara Hotel) বিকি আৰু কেটৰিনাই বিয়াত বহিব বুলি চৰ্চা চলিছে। তাৰ মাজতে এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈছে বিকি কৌশলৰ শিশুকালৰ ফটো। ফটো দেখি ছচিয়েল মিডিয়াত বহুতে কৰিছে আকৰ্ষণীয় মন্তব্য।
বিকি কৌশলৰ শিশুকালৰ ফটো দেখি এগৰাকী ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কৰিছে আকৰ্ষণীয় মন্তব্য। তেওঁ লিখিছে যে- 'কণমানিটো হিৰো হৈ এতিয়া হিৰোইনকে লৈ গ'ল।'
সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তেওঁলোকে ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। তেওঁ আনকি তেওঁৰ বিশেষ দিনটোত সব্যসাচী মুখাৰ্জীৰ দ্বাৰা ডিজাইন কৰা কাপোৰ পিন্ধাৰ সিদ্ধান্ত লৈছে। দুয়োজনৰ ওচৰৰ এটা সুত্ৰই দাবী কৰিছে যে, তাৰকা যুটিটোৱে বিবাহ অনুষ্ঠানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|