• Home
  • »
  • News
  • »
  • entertainment
  • »
  • Sidhu Moose Wala Murder: গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছত আৰক্ষীয়ে বৃদ্ধি কৰিলে বলীউড অভিনেতা ছলমান খানৰ নিৰাপত্তা

Sidhu Moose Wala Murder: গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ পিছত আৰক্ষীয়ে বৃদ্ধি কৰিলে বলীউড অভিনেতা ছলমান খানৰ নিৰাপত্তা

আৰক্ষীয়ে ছলমান খানৰ ওপৰত আক্ৰমণৰ গোপন তথ্য বিচাৰি পাইছিল

আৰক্ষীয়ে ছলমান খানৰ ওপৰত আক্ৰমণৰ গোপন তথ্য বিচাৰি পাইছিল

আৰক্ষীয়ে ছলমান খানৰ ওপৰত আক্ৰমণৰ গোপন তথ্য বিচাৰি পাইছিল

  • Share this:
গায়ক-ৰাজনীতিবিদ সিদ্ধু মুছেৱালা নিহত হোৱাৰ কেইদিনমান পিছতে মুম্বাই আৰক্ষীয়ে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰিছে। সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মুখ্য সন্দেহযুক্ত অভিযুক্ত লৰেন্স বিষ্ণোই (gangster Lawrence Bishnoi) কেইবছৰমান আগতে অভিনেতাজনক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। এই কথাৰ বাবে আৰক্ষীয়ে ছলমান খানৰ জীৱনৰ প্ৰতিও ভাবুকি নামি অহাৰ সন্দেহ কৰি নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লয়। গুৰুত্বপূৰ্ণ যে বৰ্তমান গেংষ্টাৰ লৰেন্স বিষ্ণোই তিহাৰ কাৰাগাৰত বন্দী হৈ আছে।

ৰাজস্থানৰ গেঙৰ সৈতে সংযোগ
মুম্বাই আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয়– "আমি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰিছোঁ। তেওঁৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ছলমান খানৰ এপাৰ্টমেণ্টৰ চাৰিওফালে আৰক্ষী উপস্থিত থাকিব, যাতে ৰাজস্থানৰ গেঙে কোনো অঘটন নঘটায়।"

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গায়ক সিদ্ধু মুছেৱালাৰ (Sidhu Moose Wala) হত্যাৰ পিছত আৰক্ষীয়ে ছলমান খানৰ ওপৰত  আক্ৰমণৰ গোপন তথ্য বিচাৰি পাইছিল, যাৰ পিছত সিদ্ধান্ত লোৱা হৈছিল যে ছলমানৰ (Salman Khan) সৈতে মুম্বাই আৰক্ষীৰ আধা ডজন কনিষ্টবল আৰু তেওঁৰ ব্যক্তিগত নিৰাপত্তা থাকিব। উল্লেখনীয় যে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ হেঞ্চমেন গোল্ডি ব্ৰাৰে মুছেৱালাৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে। একেটা দলেই প্ৰায় চাৰি বছৰ আগতে ছলমান খানক হত্যা কৰাৰ ভাবুকি দিছিল।

ছলমান খানক কিয় ভাবুকি দিয়া হৈছিল?
গেংষ্টাৰ লৰেন্স বিষ্ণোই ছলমান খানৰ ওপৰত খং কৰিছিল বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, লৰেন্স বিষ্ণোই কৃষ্ণসাৰ হৰিণক  পৱিত্ৰ বুলি গণ্য কৰে। সেয়েহে যেতিয়া কৃষ্ণসাৰ হৰিণৰ চোৰাং চিকাৰৰ গোচৰত (Blackbuck Poaching Case) ছলমান খানৰ নাম আহিছিল, লৰেন্স বিষ্ণোই অভিনেতাজনক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।
Published by:Gautam Barman
First published: