বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰ আৰু আদিত্য নাৰায়ণৰ বিয়া! পৰম্পৰা অনুসৰি দুয়ো সলনি কৰিলে বৰমালা। ইতিমধ্যে leak হৈছে দুয়োৰে বিবাহৰ ভিডিঅ’।
পিতৃ উদিত নাৰায়ণ আৰু মাতৃ দিপা নাৰায়ণ ইণ্ডিয়ান আইডলৰ মঞ্চত উপস্থিত হোৱাৰ দিন ধৰি আদিত্য আৰু নেহাৰ বিয়াক লৈ যথেষ্ট চৰ্চা চলি আহিছে। শেহতীয়াকৈ শ্ব’লৈ অহা আদিত্য নাৰায়ণৰ পিতৃ তথা জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ আৰু মাতৃয়ে নেহাক বোৱাৰী হিচাপে পোৱাৰ বাবে আশাও প্ৰকাশ কৰিছিল।
নেহায়ো এই শ্ব’ত ভুলতে আদিত্য নাৰায়ণৰ মাতৃক ‘শাহু মা’ বুলি সম্বোধন কৰা দেখা গৈছিল। শ্ব’ত হাঁহি–ধেমালি চলিয়ে থাকে, কিন্তু এনেকুৱা লাগে যেন উদিত নাৰায়ণে নেহাক বোৱাৰী কৰি লোৱাৰ বাবে সম্পূৰ্ণ আগ্ৰহী।
ইণ্ডিয়ান আইডলৰ মঞ্চতে দুয়োৰে বিবাহৰ বাবে যো–জা কৰা হৈছে। অহা ১৪ ফেব্ৰুৱাৰীত আদিত্য নাৰায়ণ আৰু নেহাৰ বিয়া! কিন্তু এই বিয়া ৰিয়েল লাইফৰ নহয়, মাত্ৰ ভেলেণ্টাইন দ্যে’ উপলক্ষে ধেমালীৰ চলেৰে নেহা আৰু আদিত্যৰ বিয়াৰ মন্ত্ৰ উচ্চাৰণ কৰা হয় ইণ্ডিয়ান আইডলৰ মঞ্চত। আনকি দুয়ো পৰম্পৰা অনুসৰি সলনি কৰে বৰমালা। ১৪ ফেব্ৰুৱাৰীত সম্প্ৰচাৰিত হ’ব এই বিশেষ খণ্ড।
এতিয়া উদিত নাৰায়ণে এতিয়া এই ‘Rumour’ সঁচা হোৱাৰো কামনা কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|