• Home
  • »
  • News
  • »
  • entertainment
  • »
  • ৰেষ্টুৰেণ্টৰ পৰা আহি ছাৰা আলী খানে গাড়ীত উঠিছিলহে, এনেতে ওচৰলৈ আহিল এজনী ভিখাৰিণী, ছাৰাই কি কৰিলে চাওক ভিডিঅ'

ৰেষ্টুৰেণ্টৰ পৰা আহি ছাৰা আলী খানে গাড়ীত উঠিছিলহে, এনেতে ওচৰলৈ আহিল এজনী ভিখাৰিণী, ছাৰাই কি কৰিলে চাওক ভিডিঅ'

ছাৰা আলী খানক তেওঁৰ মাতৃ অমৃতা সিং আৰু ভায়েক ইব্ৰাহিম আলী খানৰ সৈতে বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত দেখা গৈছিল।

  • Share this:
ছেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰা আলী খানে অতি কম সময়ৰ ভিতৰতে উদ্যোগটোত নিজকে প্ৰতিষ্ঠা কৰিছে। তেওঁ ২০১৮ চনত 'কেদাৰনাথ'ৰ জৰিয়তে উদ্যোগটোত আত্মপ্ৰকাশ কৰিছিল আৰু এতিয়া বলীউডৰ শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত স্থান লাভ কৰিছে।

ছাৰা আলী খানক লৈ এই চৰ্চাৰ মূলতে হ'ল এটা ভিডিঅ', য'ত ছাৰা আলী খানক তেওঁৰ মাতৃ অমৃতা সিং আৰু ভায়েক ইব্ৰাহিম আলী খানৰ সৈতে বান্দ্ৰাৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত দেখা গৈছে।

তেওঁলোকক চাবলৈ তেতিয়া ভিৰ হৈছিল। তিনিওগৰাকী ওলাই আহে গাড়ীখনৰ ফালে। এনেতে ছাৰাক দেখাৰ লগে লগে এগৰাকী ভিক্ষাৰীও তেওঁৰ ফালে আহিছিল আৰু ছাৰাই তেওঁক নিৰাশ কৰা নাছিল। ছাৰাই গাড়ীত উঠি এগৰাকী দৰিদ্ৰ মহিলাক বিস্কুট আৰু কেইটকামান দিয়ে।

ছাৰাৰ এই ভিডিঅ'টোৱে অনুৰাগীসকলৰ মাজত সমাদৰ পোৱাৰ লগতে তেওঁক তীব্ৰ প্ৰশংসা কৰিছে। অৱশ্যে, এইটো প্ৰথমবাৰৰ বাবে নহয় যে ছাৰাই তেওঁৰ সুন্দৰ শৈলীৰে মানুহৰ হৃদয় জয় কৰিছে, তেওঁ অতীতত বহুবাৰ এনে কৰা দেখা গৈছে।
Published by:Gautam Barman
First published: