২০২০ চনত অধিকাংশ সময় বাতৰিৰ শিৰোনাম দখল কৰা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয় দখল কৰিছে 'দ্য টাইমছ 50 মোষ্ট ডিজায়াৰেবল উইমেন 2020' (The Times 50 Most Desirable Women 2020)ৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত আছে দিশা পাটানী (Disha Patani), দীপিকা পাডুকন (Deepika Padukone), কেটৰিনা কাইফ (Katrina Kaif)ৰ দৰে মোহময়ী তাৰকা অভিনেত্ৰীও আছে। উল্লেখ্য যে তিনিদিন পূৰ্বে প্ৰকাশ পোৱা 'দ্য টাইমছ 50 মোষ্ট ডিজায়াৰেবল মেন ২০২০' (The Times 50 Most Desirable Men 2020)ৰ তালিকাত শীৰ্ষস্থানত আছিল প্ৰয়াত অভিনেতা তথা ৰিয়া চক্ৰৱৰ্তীৰ প্ৰেমিক অভিনেতা সুশান্ত সিং ৰাজপুত।