আজিকালি ৰীল ভিডিও যুৱপ্ৰজন্মৰ মাজত বিশেষ ভাবে জনপ্ৰিয়। চিনেমাৰ অভিনেতা-অভিনেত্ৰীৰ পৰা কলেজীয়া ছাত্ৰীলৈকে সকলোৱেই নিৰ্মাণ কৰে ৰীল ভিডিও। বলীউদৰ অভিনেত্ৰীসকলৰ ৰীল ভিডিও প্ৰায়ে ভাইৰেল হৈ থাকে ছচিয়েল মিডিয়াত। অসমৰো বহু অভিনেত্ৰীক ৰীল ভিডিও প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায়।
জনপ্ৰিয় অভিনেত্ৰী মুনমী ফুকনক ছচিয়েল মিডিয়াত প্ৰায়ে এক্টিভ থকা দেখিবলৈ পোৱা যায়। অভিনেত্ৰীগৰাকীয়ে আকৰ্ষণীয় ফটো আৰু ভিডিও প্ৰায়ে আপলোড কৰে ছচিয়েল মিডিয়াত।
শেহতীয়াকৈ মুনমী কলিতাই নিজৰ ফেটবুক একাউণ্টত এটা ৰীল ভিডিও আপলোড কৰিছে। ভিডিওটোত মুনমীক আকৰ্ষণীয় ৰূপত নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। যি ভিডিও এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
চাওক ভিডিও-
মুনমী ফুকন অসমৰ এগৰাকী অন্যতম ব্যস্ত অভিনেত্ৰী। বিভিন্ন ধাৰাবিকৰ লগতে ছবি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ এগৰাকী নিয়মীয়া অভিনেত্ৰী। মুনমী নিজৰ শৰীৰকলৈও যথেষ্ঠ সচেতন। অভিনেত্ৰীগৰাকীয়ে শৰীৰ চৰ্চা কৰা ভিডিও বা ফটোও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা যায়।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|