உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • Kareena Kapoor Khan: সুৰক্ষাবিধি নামানি কৰিছিল পাৰ্টী, কৰীণা আৰু অমৃতা অৰোৰা কোৰোনা পজিটিভ

    Kareena Kapoor Khan: সুৰক্ষাবিধি নামানি কৰিছিল পাৰ্টী, কৰীণা আৰু অমৃতা অৰোৰা কোৰোনা পজিটিভ

    দুয়োজনী super spreader হোৱাৰ আশংকা, দুটাকৈ পাৰ্টীত অংশ লৈছিল।

    দুয়োজনী super spreader হোৱাৰ আশংকা, দুটাকৈ পাৰ্টীত অংশ লৈছিল।

    দুয়োজনী super spreader হোৱাৰ আশংকা, দুটাকৈ পাৰ্টীত অংশ লৈছিল।

    • Share this:
    বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খান (Kareena Kapoor Khan)  আৰু অমৃতা অৰোৰা (Amrita Arora) কোভিড-১৯ পজিটিভ। খবৰ অনুসৰি, দুয়ো চেলিব্ৰেটিয়ে ক'ভিড নিয়ম অমান্য মুম্বাইৰ এটা পাৰ্টীতো উপস্থিত আছিল। ইয়াৰ পিছতে কভিড পজিটিভ বুলি ধৰা পৰে (tested positive for COVID-19)। মুম্বাই পৌৰ নিগমে কৰীণা আৰু অমৃতাৰ সংস্পৰ্শলৈ অহা লোকসকলক RTPCT পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে।

    দুই ঘনিষ্ঠ বন্ধু কৰীণা আৰু অমৃতাই এতিয়ালৈ তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে কোনো কথা সামাজিক মাধ্যমযোগে উল্লেখ কৰা নাই। তেওঁলোক হোম আইছোলেচন থকা বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ কৰণ জোহৰৰ এটা পাৰ্টীত দুয়ো অংশগ্ৰহণ কৰিছিল।





    কোৰোনা ভাইৰাছৰ বলীউডৰ চেলিব্ৰেটি অমিত সাধে তেওঁৰ অনুৰাগীসকলক জনাবলৈ এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে তেওঁ কোভিড-১৯ত আক্ৰান্ত হৈছে। তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে এইক্ষেত্ৰত তেওঁ হোম কোৱাৰেণ্টাইন হৈ আছিল। আনহাতে দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছানে কোৰোনা ভাইৰাছ পজিটিভ হোৱা বাবে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাইছিল। অভিনেত্ৰী কাজলৰ ভগ্নী তানিশা মুখাৰ্জীও ভাইৰাছত আক্ৰান্ত বুলি ধৰা পৰিছিল।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: