মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে পৰিচালকে বিচাৰিছিল জুহি চাওলাক, কিন্তু এই কাৰণে অভিনেত্ৰীগৰাকীয়ে কৰিছিল ৰিজেক্ট

মহাভাৰতৰ দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে পৰিচালকে বিচাৰিছিল জুহি চাওলাক, কিন্তু এই কাৰণে অভিনেত্ৰীগৰাকীয়ে কৰিছিল ৰিজেক্ট

‘মহাভাৰতৰ দ্ৰৌপদী, পাঁচ পাণ্ডৱৰ পত্নী’

‘মহাভাৰতৰ দ্ৰৌপদী, পাঁচ পাণ্ডৱৰ পত্নী’

‘মহাভাৰতৰ দ্ৰৌপদী, পাঁচ পাণ্ডৱৰ পত্নী’

  • Share this:
‘মহাভাৰতৰ দ্ৰৌপদী, পাঁচ পাণ্ডৱৰ পত্নী’

১৯৮৮ চনৰ আগৰ কথা, মহাভাৰত ধাৰাবাহিক নিৰ্মাণৰ সময়ত পৰিচালক বলদেৱ ৰাজ চোপ্ৰা আৰু ৰবি চোপ্ৰাই দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰিছিল বলীউদৰ মোহময়ী অভিনেত্ৰী জুহি চাওলাক। পৰিচালকদ্বয়ে যেতিয়া অ’ফাৰটো লৈ অভিনেত্ৰীগৰাকীৰ কাষ চাপে, লগে লগে অ’ফাৰ ৰিজেক্ট কৰি দিয়ে জুহি চাওলাই। তেতিয়া উপায়ন্ত হৈ পৰিচালকদ্বয়ে ৰূপা গাংগুলীক দিয়ে দ্ৰৌপদীৰ চৰিত্ৰত অভিনয়ৰ প্ৰস্তাৱ। ৰূপা গাংগুলীয়েও বিনা চৰ্তে গ্ৰহণ কৰে অ’ফাৰ। আৰু তাৰ পিছতে ইতিহাস...!



এতিয়া সমগ্ৰ দেশতে ল’ক ডাউন। ল’ক ডাউনৰ সময়ত আকৌ দুৰদৰ্শনত সম্প্ৰচাৰিত হৈছে ৰামায়ণ আৰু মহাভাৰত। পুৰণি দিন সোঁৱৰি এতিয়া দেশবাসীয়েও ঘৰত বহি উপভোগ কৰিছে ৰামায়ণ আৰু মহাভাৰত।



কিয় অভিনেত্ৰী জুহিয়ে ৰিজেক্ট কৰিলে দ্ৰৌপদীৰ অ’ফাৰ?

জানিব পৰা মতে, মহাভাৰতৰৰ দ্ৰৌপদীৰ চৰিত্ৰৰ বাবে পৰিচালকৰ প্ৰথম পচণ্ড আছিল অভিনেত্ৰী জুহি চাওলা। টেলীচক্কৰৰ ৰিপৰ্ট অনুসৰি, যেতিয়া পৰিচালকে দ্ৰৌপদীৰ চৰিত্ৰত অভিনয়ৰ বাবে জুহি চাওলাক প্ৰস্তাৱ দিছিল, সেইসময়ত অভিনেত্ৰীগৰাকীৰ হাতলৈ আহিছিল আমিৰ খান অভিনীত ‘কয়ামত চে কয়ামত’ ছবিৰ অ’ফাৰ। ফলত অভিনেত্ৰী জুহিয়ে মহাভাৰতৰ অ’ফাৰ ৰিজেক্ট কৰি ‘কয়ামত চে কয়ামত’ ছবিৰ বাবে ৰাজি হৈছিল।

পিছত  মহাভাৰতে যেনেদৰে অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিলে, কয়ামত চে কয়ামত নামৰ ছবিখনেও বক্স অফিছত লাভ কৰিলে সফলতা।

শেহতীয়া বাতৰি