প্ৰয়াত অভিনেত্ৰী মুমতাজ (Mumtaj)ৰ পৰা আৰম্ভ কৰি মনীষা কৈৰালা (Manisha Koirala), সোণালী বেন্দ্ৰে (Sonali Bende), সঞ্জয় দত্ত (Sanjay Dutt), কমল ৰছিদ খান, ৰাকেশ ৰোশনলৈকে বলীউডৰ বহুকেইগৰাকী চেলিব্ৰিটী কৰ্কটৰ ৰোগত আক্ৰান্ত হৈছিল আৰু ইয়াক জয় কৰি সুস্থ জীৱন যাপন কৰি আছে। কিন্তু কিছুমানে হেৰুৱাবলগীয়া হৈছিল জীৱন। বিনোদ খান্না, ঋষি কাপুৰ (Rishi Kapoor) আৰু ইৰফান খান (Irrfan Khan)ৰ দৰে অভিনেতা কৰ্কট ৰোগৰ বাবে মৃত্যুমুখত পৰিছিল।
ইয়াৰ মাজতে স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত আন এগৰাকী অভিনেত্ৰীৰ বিষয়ে বাতৰি ওলাইছে। এওঁ দক্ষিণৰ চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী হামচা নন্দিনী (Hamsa Nandini)। তেলুগু অভিনেত্ৰীগৰাকীয়ে অলপতে তেওঁৰ মূৰ খুৰোৱা চেহেৰাৰ এখন ছবি শ্বেয়াৰ কৰি কৰ্কট ৰোগত আক্ৰান্তৰ বিষয়ে জনাইছিল। বহুতো চলচ্চিত্ৰত অভিনয় কৰা হামচাই ঠিকমতে চলি আছিল যদিও হঠাতে চিকিৎসকে তেওঁ স্তনৰ কৰ্কট ৰোগৰ দৰে এক ভয়ংকৰ ৰোগত আক্ৰান্ত বুলি জনায়। এই কথা শুনি তেওঁ হতবাক হৈছিল, কিন্তু তেওঁ দুৰ্বল হোৱা নাছিল আৰু এই বিষয়ে সামাজিক একাউণ্টত শ্বেয়াৰ কৰিছিল।
হামছা নন্দিনীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টত কয়, "জীৱনে মোক কি প্ৰদান কৰে সেয়া মই গুৰুত্ব নিদিওঁ, যিমানেই কঠিন নহওক কিয়, কিন্তু মই ভুক্তভোগীৰ চৰিত্ৰত অভিনয় কৰিবলৈ অস্বীকাৰ কৰিছোঁ। মই ভয়, নিৰাশাবাদ আৰু নেতিবাচকতাক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিওঁ। আমি পিছ হুঁহকিবলৈ অস্বীকাৰ কৰোঁ, বৰঞ্চ সাহস আৰু ভালপোৱাৰ মাজেৰে আগবাঢ়িব খোজোঁ।
কৰ্কট ৰোগত আক্ৰান্তৰ অভিজ্ঞতা প্ৰসংগতো তেওঁ কয়- ''৪ মাহ আগতে এদিন ৰাতিপুৱা মই মোৰ বুকুত বিশেষ কিবা এটা প্ৰত্যক্ষ কৰিছিলোঁ। কৰ্কট ৰোগৰ বাবে মই মোৰ মাক হেৰুৱাইছিলোঁ। মোৰ সন্মুখত তেওঁৰ লেণ্ডস্কেপ চিনেমাৰ ৰিলৰ দৰে ঘূৰি আছিল। তেতিয়াই মই এটা মেমোগ্ৰাফী কেন্দ্ৰত উপস্থিত হৈছিলো। মোৰ ভয় সঁচা প্ৰমাণিত হৈছিল আৰু মই গ্ৰেড থ্ৰী ইনভেছিভ কাৰ্চিনোমা (Breast Cancer)ত আক্ৰান্ত হৈছিলোঁ। মোৰ মায়ে একেটা কৰ্কট ৰোগৰ সৈতে দীঘলীয়া যুঁজ দিছিল। এই মিল দেখি হতবাক হৈছিলো, কিন্তু মই ইতিবাচক এখন যুদ্ধ চলোৱাৰ বাবে সিদ্ধান্তত উপনীত হৈছো।''
সাধাৰণতে দেখা যায় যে কৰ্কটত ৰোগত আক্ৰান্ত হ'লে সকলোৱে ভোগে চৰম নিৰাশাত। বলীউডৰ বহু চেলিব্ৰিটীকো এই বিষয়ে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা দেখা যায়। কিন্তু ইয়াৰ বিপৰীতে হামচাই এই ৰোগক লৈ অনুৰাগীৰ সৈতে মনোভাৱ শ্বেয়াৰ কৰি এগৰাকী সাহসী অভিনেত্ৰীৰ পৰিচয় প্ৰকাশ কৰিছে। তেওঁ লগতে উল্লেখ কৰিছে- ''মই এনে এক পৰিৱেশ সৃষ্টি কৰিব বিচাৰোঁ য'ত এনেধৰণৰ কথা সঠিকভাৱে প্ৰতিবেদন কৰিব পাৰি আৰু মানুহে তেওঁলোকৰ ভয় দূৰ কৰিব পাৰে।''
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|