এইবাৰ কণ্ঠশিল্পীৰ ৰূপত জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্ত। মাজুলীৰ ৰাসৰ মঞ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সত্ৰাধিকাৰে উন্মোচন কৰে অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ কণ্ঠদান কৰা এটি বৰগীত। গীতটোত অভিনয়ো কৰিছে গায়ত্ৰী মহন্তই।
উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱগোস্বামীৰ সৈতে ডঃ শৰ্মাই উন্মোচন কৰা এই 'দয়াৰ ঠাকুৰ' শীৰ্ষক বৰগীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই। বৰগীতটিৰ দৃশ্যাংশত নৃত্য তথা অভিনয় কৰিছে গায়ত্ৰী মহন্ত, সত্ৰীয়া নৃত্য বিশাৰদ ৰামকৃষ্ণ তালুকদাৰ আৰু সংগীবৃন্দই।
উল্লেখযোগ্য যে সংগীত নাটক একাডেমী ৰত্ন বঁটা আৰু পদ্মশ্ৰী প্ৰাপক নব্বৈ ঊৰ্ধ্বৰ নৃত্যাচাৰ্য যতীন গোস্বামীয়েও নৃত্যাংশত বিশেষ এভূমুকি মাৰিছে। প্ৰকল্পটোৰ সংগীত বিদ্যাসাগৰৰ আৰু নৃত্য নিৰ্দেশনা পংকজ ইংতিৰ। নৃত্য উপদেষ্টা ৰামকৃষ্ণ তালুকদাৰ আৰু গুণাকৰ দেৱগোস্বামীৰ।
কেমেৰাত প্ৰদীপ দৈমাৰী,কলা নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্য,ৰূপসজ্জাত অভিজিৎ ভূঞা,শব্দযন্ত্ৰী জিণ্টু বৰদলৈ আৰু সম্পাদনা অসীম শৰ্মাৰ। এগৰাকী অভিনেত্ৰী ৰূপে ইতিমধ্যে ৰাইজৰ আদৰ লভা গায়ত্ৰী মহন্তৰ সংগীত জগতত কণ্ঠশিল্পীৰূপে এয়া প্ৰথম পদক্ষেপ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : November 19, 2021, 22:24 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।