নতুন বছৰলৈ মাজত মাত্ৰ দুটা দিন। আৰু তাৰ পিছতে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। ভোগালী বিহুৰ আগে পিছে অসমৰ প্ৰায় সকলো কণ্ঠশিল্পীয়েই ৰাইজৰ বাবে মুকলি কৰি দিয়ে নতুন নতুন গীত। ন-পুৰণি বিহুগীতত মুখৰিত হৈ পৰে ৰাজ্যৰ চৌদিশ।
এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকা। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এটি নতুন বিহুগীতত জুবিন গাৰ্গৰ সৈতে কণ্ঠদান কৰিছে। 'পিলিঙা খোপাত গুজি ল'লো' শীৰ্ষক বিহুগীতটোত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাসে।
আৰু এইগীতটোতে এইবাৰ ৰীল ভিডিও প্ৰস্তু কৰিলে দ্বীপলিনাই। দ্বীপলিনাৰ সৈতে নৃত্য কৰিছে অভিনেতা উৎপল দাসেও। ইনষ্টাগ্ৰামত ভিডিওটো শ্বেয়াৰ কৰাৰ পিছতে বহুতে কৰিছে আকৰ্ষণীয় কমেণ্ট। এজনে লিখিছে- হাঁহি থাকিলেও আপুনি ধুনীয়া। এজনে প্ৰশ্ন কৰিছে- 'নাচনীজনী ইমান ধুনীয়া কিয়!'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|