உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • entertainment
    • »
    • প্ৰেমৰ সপ্তাহতে বিয়াত বহিল নেকি অভিনেত্ৰী দ্বীপলিনা ডেকা? মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে...

    প্ৰেমৰ সপ্তাহতে বিয়াত বহিল নেকি অভিনেত্ৰী দ্বীপলিনা ডেকা? মুখ খুলিলে অভিনেত্ৰীগৰাকীয়ে...

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ বিশেষ ফটো।

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ বিশেষ ফটো।

    ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী তথা কণ্ঠশিল্পীগৰাকীৰ বিশেষ ফটো।

    • Share this:
    জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী দ্বীপলিনা ডেকাৰ নাম শুনিলেই ছচিয়েল মিডিয়াত চৰ্চা। দ্বীপলিনা ডেকাৰ ফটো বা বিভিন্ন ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা দেখা যায়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক এখন ফটোত কইনাৰ সাজত দেখিবলৈ পোৱা গৈছে। আৰু ফটোখন শ্বেয়াৰ হোৱাৰ লগে লগেই সৰৱ চৰ্চা চলিছে ছচিয়েল মিডিয়াত।

    অভিনেত্ৰীৰ Deeplina_deka7 নামৰ এটা ফেন পেজত আপলোড কৰা হৈছিল ফটোখন। আৰু ফটোখন দেখিয়েই অনুৰাগীৰ মাজত আলোচনা চলিছিল যে, সঁচাকৈ গোপনে বিবাহপাশত আবদ্ধ হ'ল নেকি মোহময়ী অভিনেত্ৰীগৰাকী?




    আচলতে এইখন কোনো গীতৰ দৃশ্যগ্ৰহণৰ সময়ৰ সহ-অভিনেতাৰ সৈতে তোলা ফটোহে! প্ৰকৃততে দ্বীপলিনা ডেকাৰ হোৱা নাই বিয়া। সোমবাৰে ভৱানীপুৰত এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা দ্বীপলিনাই হাঁহিৰ চলেৰে প্ৰেমৰ দিৱসৰ ওপৰতো মন্তব্য কৰা দেখা গ'ল। অভিনেত্ৰীগৰাকীৰ মতে, প্ৰেম প্ৰকাশ বা প্ৰেমৰ বাবে নিৰ্দিষ্ট এটাই দিন থাকে বুলি তেওঁ নাভাবে।
    Published by:Himangshu Bhuyan
    First published: