মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Bipasha Basu : মাতৃ হ'বলৈ ওলাইছে অভিনেত্ৰী বিপাশা বসু, স্বামী কৰণ সিং গ্ৰোভাৰৰ সৈতে ইনষ্টাগ্ৰামত ফটোসহ বিপাশাৰ আৱেগঘন পোষ্ট

Bipasha Basu : মাতৃ হ'বলৈ ওলাইছে অভিনেত্ৰী বিপাশা বসু, স্বামী কৰণ সিং গ্ৰোভাৰৰ সৈতে ইনষ্টাগ্ৰামত ফটোসহ বিপাশাৰ আৱেগঘন পোষ্ট

Photo- instagram/Bipashabasu

২০১৫ চনৰ এল’ন ছবিৰ শ্বুটিঙৰ সময়ত কৰণ সিং গ্ৰ’ভাৰক লগ পাইছিল বিপাশা বসুৱে।

  • Share this:
মাতৃ হ'বলৈ ওলাইছে বলীউডৰ অভিনেত্ৰী তথা ছুপাৰ মডেল বিপাশা বসু (Bipasha Basu)। স্বামী কৰণ সিং গ্ৰ'ভাৰৰ সৈতে একেলগে উঠা এটা ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰি তেওঁ গৰ্ভধাৰণৰ কথা ঘোষণা কৰে।

বিপাশাই এই অভিজ্ঞতা সন্দৰ্ভত লিখিছে- "এটা নতুন সময়, এটা নতুন পৰ্যায়, এক নতুন পোহৰে আমাৰ জীৱনৰ প্ৰিজমত আন এক অনন্য ছাঁ যোগ কৰিছে। আমাক আগৰ তুলনাত অলপ বেছি সম্পূৰ্ণ কৰি তুলিছে। আমি এই জীৱনটো ব্যক্তিগতভাৱে আৰম্ভ কৰিছিলোঁ আৰু তাৰ পিছত আমি ইজনে সিজনক লগ পাইছিলোঁ আৰু তেতিয়াৰ পৰা আমি দুগৰাকী।"

তেওঁ লিখে– ''আমাৰ মৰমৰ দ্বাৰা প্ৰকাশ পোৱা এটা সৃষ্টি, আমাৰ কেঁচুৱাটোৱে সোনকালে আমাৰ লগত যোগ দিব আৰু... আপোনালোক সকলোকে ধন্যবাদ, আপোনালোকৰ নিঃচৰ্ত মৰমৰ বাবে, আপোনালোকৰ প্ৰাৰ্থনা আৰু শুভকামনা যিদৰে আছে আৰু সদায় আমাৰ অংশ হৈ থাকিব। দুৰ্গা দুৰ্গা।"




উল্লেখ্য, ২০১৫ চনৰ এল’ন ছবিৰ শ্বুটিঙৰ সময়ত কৰণ সিং গ্ৰ’ভাৰক লগ পাইছিল বিপাশা বসুৱে। বাংলা পৰম্পৰা অনুসৰি ২০১৬ চনৰ এপ্ৰিলত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। পিছত তেওঁলোকে তেওঁলোকৰ উদ্যোগৰ বন্ধুসকলৰ বাবে এক অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে, য’ত বলীউডৰ কেইবাগৰাকীও তাৰকা উপস্থিত আছিল।

শেহতীয়া বাতৰি