গোৱাত অনুষ্ঠিত ৫২ সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ ইণ্ডিয়ান পেনোৰামাত প্ৰথম ছবি হিচাপে প্ৰদৰ্শিত আৰু আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত "চেমখৰ"লৈ 'Special Mention' সন্মান আগবঢ়োৱা হৈছে।
ডিমাচা ভাষাৰ এই চলচিত্ৰখনৰ বিষয়ে ৫২ সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে বিশেষ ভাবে উল্লেখ কৰি কয় যে, 'ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে জনগোষ্ঠীয় চিন্তা আৰু সংস্কৃতিক বিশেষভাৱে গুৰুত্ব দিয়াৰ সময়ত অসমৰ এটা জনগোষ্ঠীৰ ওপৰত নৱাগত পৰিচালক আইমী বৰুৱাই এখন চলচিত্ৰ নিৰ্মাণ কৰাটো এক গৌৰৱৰ বিষয়।' মন্ত্ৰীগৰাকীয়ে পৰিচালক অভিনেত্ৰী আইমী বৰুৱাক "চেমখৰ" চলচিত্ৰৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
![]()
আনহাতে চলচিত্ৰখন নিৰ্মাণ কৰাৰ সময়ত কৰা অশেষ কষ্ট আৰু ত্যাগৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিচালকগৰাকীক প্ৰশংসা কৰে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ অধীনত অনুষ্ঠিত ৫২ সংখ্যক ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত Special Mention সন্মান লাভ কৰি পৰিচালক, অভিনেত্ৰী আইমী বৰুৱাই এই সন্মান উত্তৰ-পূববাসীৰ নামত উচৰ্গা কৰে | "চেমখৰ" নিৰ্মাণৰ সৈতে জড়িত আৰু ছবিখনৰ নিৰ্মাণত সহায় আগবঢ়োৱা সকলোলৈকে অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|