পৰম্পৰাগত অসমীয়া সাজত বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী লাৰা দত্ত। মেখেলা চাদৰক অনন্য ৰূপ প্ৰদান কৰি প্ৰখ্যাত হোৱা দিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমে ফেশ্বন উইকত তেওঁৰ নতুন সংগ্ৰহ 'শুকুলা' ২১ মাৰ্চ ২০২১ত প্ৰদৰ্শন কৰে। সংযুক্তা দত্তই ডিজাইন কৰা সাজ পৰিধান কৰি ৰেম্পত খোজ দিলে লাৰা দত্তই।
![]()
এই সন্দৰ্ভত সংযুক্তা দত্তই কয় যে, "লেকমে ফেশ্বন উইকত মোৰ নতুন সংগ্ৰহখিনি প্ৰদৰ্শন কৰি মই অতিকৈ উৎসাহিত তথা আনন্দিত। সকলো প্ৰতিষ্ঠিত তথা প্ৰখ্যাত ডিজাইনাৰ সকলৰ বাবে লেকমে ফেশ্বন উইক এক উত্তম প্লেটফৰ্ম। এইবাৰ লাৰা দত্তৰ সৈতে কাম কৰাটো এক আনন্দদায়ক অভিজ্ঞতা।'
ইফালে লাৰা দত্তই পৰম্পৰাগত অসমীয়া সাজ পৰিধান কৰি অত্যন্ত আনন্দ অনুভব কৰে। নিজৰ আকৰ্ষণীয় সৌন্দৰ্যৰে বহুতকে মোহিত কৰি ৰখা লাৰাই এইবাৰ অসমীয়া লাজ পৰিধান কৰি সকলোকে দিলে নতুন চমক। সংযুক্তাৰ সংগ্ৰহৰ বিষয়ে লাৰা দত্তই কয় যে, "সংযুক্তাৰ এই সংগ্ৰহ 'শুকুলা' যেন সূতাৰে বোৱা এক কবিতা য'ত অলেখ কাহিনী গাঁথি থোৱা আছে। সেয়া যেন পবিত্ৰ শান্ত যদিও উজ্জ্বল এক প্ৰকাশ।"
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|