মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »‘‘....অকলশৰীয়া অনুভৱ কৰিছোঁ’’– ব্লেক এণ্ড ৱাইট চিনেমা মুক্তিত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিও কিয় অকলশৰীয়া অভিনেতা ৰবী শৰ্মা

‘‘....অকলশৰীয়া অনুভৱ কৰিছোঁ’’– ব্লেক এণ্ড ৱাইট চিনেমা মুক্তিত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিও কিয় অকলশৰীয়া অভিনেতা ৰবী শৰ্মা

এই ছবিখনে অসমৰ চিনেমা হলতসমূহত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এই ছবিখনে অসমৰ চিনেমা হলতসমূহত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এই ছবিখনে অসমৰ চিনেমা হলতসমূহত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

  • Share this:

অসমীয়া অভিনেতা ৰবী শৰ্মাৰ এখন নতুন অসমীয়া ছবিয়ে মুক্তি পাইছে। তেওঁৰ নতুন ছবি ‘ব্লেক এণ্ড ৱাইট’ বিগত ২৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছে। ধনজিৎ দাসৰ দ্বাৰা পৰিচালিত এই ছবিখনে অসমৰ চিনেমা হলতসমূহত দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা সামাজিক মাধ্যমৰ জৰিয়তে অভিনেতা ৰবী শৰ্মাই প্ৰকাশ কৰে।


অভিনেতা ৰবী শৰ্মাই লিখে যে, ‘‘৬ বছৰৰ মূৰত মোৰ এখন ছবি ৰিলিজ হৈছে। দৰ্শকে ভাল পাইছে। মোৰো ভাল লাগিছে। তথাপিও, অকলশৰীয়া অনুভৱ কৰিছোঁ।’’






মন কৰিবলগীয়া যে, ৬ বছৰৰ মূৰত অভিনেতাজনৰ এখন ছবি ‘ব্লেক এণ্ড ৱাইট’এ মুক্তি পাইছে। তেওঁৰ ছবিখন দৰ্শকে উপভোগ কৰিছে। চিনেমা তথা থিয়েটাৰ হলত গৈ দৰ্শকে, অনুৰাগীয়ে এই চিনেমাখন চাইছে। ইয়াকে লৈ তেওঁ যথেষ্ট সুখী হৈছে। কিন্তু এই সময়ত তেওঁ নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছে বুলি জনায়। নিজ পোষ্টত তেওঁ নিজৰ নিসংগতাৰ কথা ব্যক্ত কৰে যদিও ইয়াৰ কাৰণ অস্পষ্ট।

শেহতীয়া বাতৰি