মুখ্যপৃষ্ঠা »খবৰ »মনোৰঞ্জন »Bollywood Tragedy: এই অভিনেতাগৰাকীক চিনি পায়নে? হতাশাত ভুগি হেৰাইছিল মানসিক ভাৰসাম্য, এতিয়া বহু বছৰ ধৰি সন্ধানহীন তেওঁ

Bollywood Tragedy: এই অভিনেতাগৰাকীক চিনি পায়নে? হতাশাত ভুগি হেৰাইছিল মানসিক ভাৰসাম্য, এতিয়া বহু বছৰ ধৰি সন্ধানহীন তেওঁ

গোবিন্দই জনোৱা মতে তেওঁক পত্নী আৰু জীয়েকে বিশ্বাসঘাতকতা কৰিছিল, যাৰ আঘাত তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ হতাশাত পৰে।

গোবিন্দই জনোৱা মতে তেওঁক পত্নী আৰু জীয়েকে বিশ্বাসঘাতকতা কৰিছিল, যাৰ আঘাত তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ হতাশাত পৰে।

গোবিন্দই জনোৱা মতে তেওঁক পত্নী আৰু জীয়েকে বিশ্বাসঘাতকতা কৰিছিল, যাৰ আঘাত তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ হতাশাত পৰে।

  • Share this:

জাকজমকতাৰ মাজত থকা বলীউড জগতৰ এনে কিছু সত্যও আছে যি সাধাৰণতে বেদনাদায়ক হোৱা দেখা যায়। বলীউড জগতত তিষ্ঠি থকাটো কিছুমানৰ বাবে সহজ কাৰবাৰ নহয়। বহুতো বিখ্যাত তাৰকা আছে, যিয়ে কেইখনমান চলচ্চিত্ৰত অভিনয় কৰাৰ পিছতে উদ্যোগটোক বিদায় জনাব লগা হৈছিল। এই তাৰকাসকলৰ মাজৰ এজন আছিল এনে অভিনেতা যাৰ বিষয়ে কোনো খবৰ নাই। তেওঁ ক'ত আছে, তেওঁ জীয়াই আছে নে নাই কোনেও নাজানে। আনকি তেওঁলোকৰ ঘৰৰ মানুহেও তেওঁলোকৰ বিষয়ে একো নাজানে।


এয়া অভিনেতা ৰাজ কিৰণৰ কথা কোৱা হৈছে। যিয়ে 'অৰ্থ', 'কৰ্জ', 'ঘৰ হো টো এইচা'ৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে। অভিনেতাজনৰ সম্পূৰ্ণ নাম ৰাজ কিৰণ মেহতানী। তেওঁৰ জন্ম ১৯৪৯ চনত মুম্বাইত হৈছিল। কিন্তু এই মুহূৰ্তত তেওঁ নিৰুদ্দিষ্ট অভিনেতা। কোনেও নাজানে তেওঁ ক'ত কেনেদৰে আছে। কিছুমানে কয় যে তেওঁ পগলাফাটেকত আছে আৰু কোনোৱে কয় তেওঁ সন্ধানহীন।


ৰাজ কিৰণে ১৯৭৫ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ মুঠ ১২০খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল। কিন্তু কেইবছৰমানৰ পিছত তেওঁৰ কেৰিয়াৰ বন্ধ হৈ যায়, যাৰ বাবে তেওঁ সৰু পৰ্দালৈ যাবলৈ মন স্থিৰ কৰিছিল। কিন্তু ইয়াতো তেওঁ নাপালে কাম। ইয়াৰ পিছতে সন্ধানহীন হৈ পৰে অভিনেতাগৰাকী।


বহুবাৰ তেওঁৰ মৃত্যুৰ উৰাবাতৰিও ওলাইছিল। তেওঁৰ পুৰণি বন্ধু দীপ্তি নাভালে ৰাজ কিৰণক বিচাৰি তেওঁৰ ফেচবুক ৱালত এটা পোষ্ট লিখিছিল। অভিনেত্ৰীগৰাকীৰ পোষ্টৰ পিছত ঋষি কাপুৰে এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছিল৷ ঋষি কাপুৰে ৰাজ কিৰণৰ ভায়েক গোবিন্দ মেহতানিৰ সৈতে কথা পাতিছিল য'ত প্ৰকাশ পাইছিল যে তেওঁক যোৱা ১০ বছৰ ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত এক পগলাফাটেকত ভৰ্তি কৰোৱা হৈছিল৷ গোবিন্দই জনোৱা মতে তেওঁক পত্নী আৰু জীয়েকে বিশ্বাসঘাতকতা কৰিছিল, যাৰ আঘাত তেওঁ সহ্য কৰিব নোৱাৰিলে আৰু তেওঁ হতাশাত পৰে। পিছত তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই পাগল হৈ গৈছিল।


আনহাতে, ৰাজ কিৰণৰ পত্নী আৰু জীয়েকে এই কথা অস্বীকাৰ কৰি তেওঁ সন্ধানহীন আৰু আৰক্ষী আৰু ব্যক্তিগত চোৰাংচোৱাই তেওঁক বহু বছৰে বিচাৰি থকাৰ কথা কয়। কিন্তু ক'ত গ'ল ৰাজ কিৰণ? ৰাজ কিৰণক শেষবাৰৰ বাবে ১৯৯৪ চনত শেখৰ সুমনৰ অনুষ্ঠানত দেখা গৈছিল। ইয়াৰ পিছত আজিলৈকে কোনেও তেওঁক দেখা নাই। ৰাজ কিৰণ আজি কেৱল এটা কাহিনী হৈ পৰিছে।

শেহতীয়া বাতৰি